/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/79139b3d-e379-436f-bf84-ba50d9f84dcd/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ চিচিবৰগাঁৱত গাইনদীৰ মথাউৰি নিৰ্মাণৰ দাবীত এজেওৱাইচিপি(AJYCP)ৰ উদ্যোগত ৰাইজৰ বিশাল প্ৰতিবাদী পদযাত্ৰা। প্ৰতিবাদ-শ্লোগানেৰে উত্তাল হয় চিচিবৰগাঁৱৰপৰিৱেশ। ধেমাজিৰ চিচিবৰগাঁৱৰ গাই নদীয়ে কাষৰীয়া ৰাইজক দীৰ্ঘদিনে জ্বলা-কলা খোৱাই আহিছে। কেতিয়াবা যদি মথাউৰি চিঙি সমগ্ৰ অঞ্চল নিমিষতে ধংস কৰিছে। কেতিয়াবা আকৌ ভয়াৱহ গৰাখহনীয়া সৃষ্টি কৰি অঘৰী কৰিছে নৈ-পৰীয়া ৰাইজক। বিশেষকৈ নদীখনৰ নামনি অংশত মথাউৰি নথকা বাবে অপূৰণীয় ক্ষতিৰ সন্মুখীন কৰাই আহিছে পাহাৰীয়া নৈখনে।
গাই নৈৰ এশ এবুৰি সমস্যা সমাধান আৰু নামনি অংশৰ প্ৰায় ৭ কিলোমিটাৰ ভগ্ন মাথাউৰি বিজ্ঞানসন্মত ভাৱে নিৰ্মাণৰ দাবীত মঙলবাৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ (AJYP) ধেমাজি জিলা সমিতিৰ উদ্যোগত ৰূপায়ন কৰা হয় এক বৃহৎ প্ৰতিবাদী পদযাত্ৰা কাৰ্যসূচী। কেইবাশ ৰাইজে হাতে হাতে প্লে-কাৰ্ড বেনাৰ লৈ বাহিৰ কৰে এক বিশাল পদযাত্ৰা। "জলসম্পদ বিভাগ হায় হায়, পীযুষ হাজৰীকা মুৰ্দাবাদ, বিজেপি চৰকাৰ গ' বেক" আদি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
প্ৰতিবাদী ৰাইজে চিচিবৰগাঁও চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ উপস্থিত হৈ চক্ৰ বিষয়াৰ হাতত কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। শীঘ্ৰেই পৰিকল্পিত মাথাউৰি নিৰ্মাণ নকৰিলে পৰৱৰ্তী সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিয়ে জাতীয়তাবাদী নেতা-কৰ্মীসকলে।
Also Read: নগাঁৱত সংবাদকৰ্মীৰ ঘৰত দিনদুপৰতে চোৰৰ চাফাই অভিযান