ধেমাজি তেলিজানত মটৰচাইকেল দুঘৰ্টনাঃ উদ্ধাৰ মৃতদেহ

ধেমাজি তেলিজানত সংঘটিত হৈছে মটৰচাইকেল দুঘৰ্টনাঃ উদ্ধাৰ মৃতদেহ

author-image
Asomiya Pratidin
New Update
ধেমাজি তেলিজানত মটৰচাইকেল দুঘৰ্টনাঃ উদ্ধাৰ মৃতদেহ

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি সদৰ আৰক্ষী থানাৰ পৰা প্ৰায় ২কিলোমিটাৰ নিলগৰ ধেমাজি তেলিজান দলঙত সংঘটিত হৈছে দুৰ্ঘটনা। এখন মটৰচাইকেলসহ এজন আৰোহী দলঙৰ তলত পৰি থকা অৱস্থাত উদ্বাৰ কৰা হৈছে।

Advertisment

এ এছ ০৪ এ বি ৬০৮০ নম্বৰৰ য়ামাহা এফ জেদ মটৰচাইকেলখনৰ আৰোহীজন মটৰচাইকেলসহ দলঙৰ তলত পৰি থকা অৱস্থাত অঞ্চলটোৰ ৰাইজে পুৱা প্ৰত্যক্ষ কৰে। এই সন্দৰ্ভত ৰাইজে সন্দেহ কৰা মতে নিশাৰ ভাগত তীব্ৰ গতিত যোৱাৰ বাবেই দুঘৰ্টনাটো সংঘটিত হয় ৷

আৰক্ষীয়ে যুৱকজন লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ২নং হাৰমতি গাঁৱৰ কমল শইকীয়াৰ পুত্ৰ ৰিকি শইকীয়া বুলি চিনাক্ত কৰিছে ৷ উল্লেখ্য ইতিমধ্যে ধেমাজি সদৰ আৰক্ষীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি মৃতদেহৰ লগতে মটৰচাইকেলখন উদ্ধাৰ কৰিছে ৷

Also Read: আজি পেটুৱা পুলিচৰ অগ্নিপৰীক্ষাঃ জিলাই জিলাই আৰক্ষীৰ বিশেষ টেষ্ট

Assam police