আজি পেটুৱা পুলিচৰ অগ্নিপৰীক্ষাঃ জিলাই জিলাই আৰক্ষীৰ বিশেষ টেষ্ট

আজি পেটুৱা পুলিচৰ অগ্নিপৰীক্ষাঃ জিলাই জিলাই আৰক্ষীৰ বিশেষ টেষ্ট

author-image
Asomiya Pratidin
New Update
আজি পেটুৱা পুলিচৰ অগ্নিপৰীক্ষাঃ জিলাই জিলাই আৰক্ষীৰ বিশেষ টেষ্ট

ডিজিটেল ডেস্কঃ আজি ৰাজ্যৰ পেটুৱা আৰক্ষীৰ অগ্নিপৰীক্ষা। অসম আৰক্ষীৰ বিষয়া-জোৱানে বুধবাৰে মুখামুখি হ’ব বি এম আই পৰীক্ষাৰ। প্রতিখন জিলা সদৰত টেষ্টৰ ব্যৱস্থা কৰিছে আৰক্ষীৰ শীৰ্ষ মহলে। কাহিলীপাৰাৰ ৪ৰ্থ অসম আৰক্ষী বেটেলিয়ন চৌহদতো অনুষ্ঠিত হ’ব বি এম আই টেষ্ট।

Advertisment

এই বি এম আই পৰীক্ষাত অৱতীৰ্ণ হ'ব ৰাজ্যৰ প্ৰতিজন কনিষ্ঠবলৰ লগতে পৰ্যায় ক্ৰমে বিষয়াসকলও। বিভাগীয় কৰ্তৃপক্ষই জানিব দিয়া অনুসৰি কাহিলীপাৰাৰ ৪ৰ্থ অসম আৰক্ষী বেটেলিয়ন চৌহদত বুধবাৰে প্ৰথম পৰ্যায়ত ২০০ কনিষ্ঠবলে এই পৰীক্ষাৰ সন্মুখীন হ'ব। উল্লেখ্য যে, এই পৰীক্ষাৰ বাবে দৈহিক গঠন তথা ওজনৰ ওপৰত ভিত্তি কৰি নীতি নিৰ্ধাৰণ কৰা হৈছে।

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে ঘোষণা কৰিছিল যে- ৰাজ্যত পেটুৱা পুলিচ নাথাকিব। পেট কমাব নোৱাৰিলে আৰক্ষীয়ে বাধ্যতামূলক ভাৱে এৰিব লাগিব চাকৰি। জনহিত সেৱাৰ্থে নিয়োজিত আৰক্ষীৰ স্বাস্থ্য যে সবল হ'ব লাগিব সেয়া বহু দিনৰ পৰাই চৰ্চা চলি আহিছে।

এই সন্দৰ্ভত অসম আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান জি পি সিঙেও শাৰীৰিক কচৰৎ কৰিবলৈ আহ্বান জনাইছিল প্ৰতিজন আৰক্ষীক। সঞ্চালক প্ৰধানগৰাকীয়ে টুইটাৰৰ জৰিয়তে অসম আৰক্ষীৰ সকলো বিষয়া, জোৱানে বিভাগীয় শাৰীৰিক পৰীক্ষাত যে অৱতীৰ্ণ হ’ব লাগিব সেয়া পূৰ্বেই প্ৰকাশ কৰিছিল। তাৰেই পৰিপ্ৰেক্ষিতত বুধবাৰে অসম আৰক্ষীৰ বিষয়া-জোৱানে এই পৰীক্ষাৰ সন্মুখীন হ'ব।

Also Read: বিশ্বকাপ ২০২৩ঃ কেতিয়া ক্ৰিকেট অনুৰাগীয়ে লাভ কৰিব টিকট, সৱিশেষ জানক...

Assam police