ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ত কৰ্কট ৰোগৰ সজাগতা সভা...

ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ত কৰ্কট ৰোগৰ সজাগতা সভা...

author-image
Asomiya Pratidin
New Update
ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ত কৰ্কট ৰোগৰ সজাগতা সভা...

ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ত কৰ্কট ৰোগৰ সজাগতা সভা...

ডিজিটেল সংবাদ পলাশবাৰীঃ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত আৰু গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ চিকিৎসক-নাৰ্ছ আৰু ISHA PROJECT ৰ এটা গ্ৰুপৰ সহযোগিতাত আজি মহাবিদ্যালয় প্ৰাংগণত কৰ্কট ৰোগৰ ওপৰত এখন সজাগতামূলক সভা অনুষ্ঠিত হৈ যায়।

Advertisment

মহাবিদ্যালয়খনৰ মহিলা কোষৰ সমন্বয়কদ্বয় কবিতা দাস শালৈ আৰু চন্দ্ৰমা ঠাকুৰীয়াৰ প্ৰচেষ্টাত আয়োজিত সজাগতামূলক সভাখনত কৰ্কট ৰোগৰ উৎপত্তি আৰু ইয়াৰ বিৰুদ্ধে সজাগতাৰ দিশবোৰ সম্পৰ্কে পৰ্যালোচনা আগবঢ়োৱা হয়। সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে জ্যেষ্ঠ অধ্যাপিকা প্ৰণামী গোস্বামীয়ে।

সভাখনৰ পূৰ্বে বৃহত্তৰ ৰামপুৰ অঞ্চলৰ চল্লিশ গৰাকীতকৈ অধিক মহিলাৰ উপস্থিতিত সভাখন অনুষ্ঠিত হয়। এই সভাত বিশেষজ্ঞসকলে মহিলাৰ মুখ, স্তন আৰু জৰায়ুত হোৱা কৰ্কট ৰোগৰ বিষয়ে বিত্ং ভাবে আলোচনা কৰি ইয়াৰ পৰা ৰক্ষা পোৱাৰ উপায় সমূহ সুন্দৰভাবে দাঙি ধৰে।

উল্লেখ্য, এই সজাগতা সভাত সকলোৰে বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰা হয়।

Also Read: মৰুভূমি হৈ যাওঁক অসম ! মোডীক দিয়া কথা মতেই হ'ব লাগিব পাম খেতি...

বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান কৰ্কট ৰোগ