ওদালগুৰিত আছুৰ সত্যাগ্ৰহ কাৰ্যসূচী...

কা, বিজেপি বিৰোধী শ্লোগানেৰে উত্তাল

author-image
Asomiya Pratidin
New Update
ওদালগুৰিত আছুৰ সত্যাগ্ৰহ কাৰ্যসূচী...

ওদালগুৰিত আছুৰ সত্যাগ্ৰহ কাৰ্যসূচী...

ডিজিটেল সংবাদ ওদালগুৰিঃ সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰিতো আজি নাগৰিকত্ব সংশোধনী আইন বিৰোধী সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন কৰা হয়। ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত উলিওৱা এই সত্যাগ্ৰহ কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে কা আমি নামানো, অসম চৰকাৰ হায় হায়, হিমন্ত বিশ্ব মুৰ্দাবাদ, কা অসমীয়াই নামানে, কেন্দ্ৰীয় চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায় আদি শ্লোগানেৰে উত্তপ্ত কৰি তোলে।

Advertisment

আজিৰ এই সত্যাগ্ৰহ কাৰ্যসূচীতো আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে চহৰখনৰ বিভিন্ন স্থান ভ্ৰমণ কৰে। সত্যাগ্ৰহ কাৰ্যসূচীত ওদালগুৰি, ৰৌতা, হৰিশিঙা, টংলা আৰু কলাইগাওঁসহ কেইৱাখনো আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰায় দুই শতাধিক ছাত্ৰ কৰ্মী উপস্থিত থাকে।

Also Read: বৰপেটাত বিপিএফৰ প্ৰাৰ্থী হ'ব কংগ্ৰেছ ত্যাগী আব্দুল খালেক !

ওদালগুৰি আছু