'কা’ বাতিলৰ দাবীত ধেমাজি আছুৰ জোঁৰ সমদলঃ ভাঙিলে আৰক্ষীৰ বেৰিকেড

প্ৰতিবাদকাৰীৰে আৰক্ষী, চি আৰ পি এফৰ হতাহতি
'কা’ বাতিলৰ দাবীত ধেমাজি আছুৰ জোঁৰ সমদলঃ ভাঙিলে আৰক্ষীৰ বেৰিকেড
'কা’ বাতিলৰ দাবীত ধেমাজি আছুৰ জোঁৰ সমদলঃ ভাঙিলে আৰক্ষীৰ বেৰিকেড

ডিজিটেল সংবাদ ধেমাজিঃ নাগৰিকত্ব সংশোধনী আইনক লৈ উত্তাল ধেমাজি ৷ সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত মঙ্গলবাৰে সন্ধিয়া ধেমাজি জিলা ছাত্ৰ সন্থাৰ প্ৰায় ৫ শতাধিক কৰ্মীয়ে হাতে-হাতে জোঁৰ লৈ ধেমাজি নগৰৰ থানা তিনি আলিৰ পৰা ধেমাজি চাৰি আলিলৈকে 'কা’ বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

এই জোৰ সমদলক লৈ প্ৰতিবাদকাৰীৰে আৰক্ষী আৰু চি আৰ পি এফৰ মাজত বহু সময় ধৰি হয় হতাহতি৷ ফলত নগৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ সমদলকাৰীসকলক আৰক্ষীয়ে বেৰিকেড স্থাপন কৰি বাধা দিয়াৰ চেষ্টা কৰে যদিও তেওঁলোকে নৰেন্দ্ৰ মোডী হুচিয়াৰ,অমিত শ্বাহ হুচিয়াৰ,হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ শ্ল'গানেৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে।

অৱশেষত আৰক্ষীৰ বেৰিকেড ভাঙি আছুৱে ধেমাজি চহৰৰ মাজমজিয়াৰে সমদল বাহিৰ কৰি নগৰখনত জোৰ সমদল বাহিৰ কৰে ৷ কোনো পৰিস্থিতিতে 'কা’ মানি নোলোৱাৰ হুংকাৰ দিয়ে আছু কৰ্মীসকলে।

'কা’ বাতিলৰ দাবীত ধেমাজি আছুৰ জোঁৰ সমদলঃ ভাঙিলে আৰক্ষীৰ বেৰিকেড
লামডিঙৰ সংৰক্ষিত ভূমিত অবৈধ খননঃ জেচিবি, ট্ৰেক্টৰসহ ৪ জনক আটক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in