/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/797b8312-902f-4a04-9419-8f4ae07ed885/Dhmmmm.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন, ষ্টাৰ নম্বৰসহ আৰু উচ্চতৰ মাধ্যমিক কলা, বাণিজ্য, বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত ডিষ্টিংচনসহ সুখ্যাতিৰে উৰ্ত্তীণ হোৱা ছাত্ৰ- ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে মঙ্গলবাৰে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত বিশেষ অভিনন্দন অনুষ্ঠানটি অনুষ্ঠিত কৰা হয়। সমবেত সংগীতেৰে দুপৰীয়া ১২ বজাত আৰম্ভণি হোৱা অনুষ্ঠানটিৰ শুভ উদ্ধোধন কৰে ধেমাজি বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিপক বৰগোহাঁইয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/16271710-a699-4c1c-96ae-a01a30bf4edd/95fb011c_cef1_422a_a08f_c3a7f24141e0.jpg)
ধেমাজি জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দিপক শৰ্মাই আদৰণি ভাষণ দিয়াৰ পিছতেই অনুষ্ঠানৰ আঁত ধৰে ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মিল্টন বৰগোহাঁইয়ে ৷ ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা কৰুণজ্যোতি চেতিয়াই সঞ্চালনা কৰা সম্বধৰ্না অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে ধেমাজি জিলা উপায়ুক্ত অংকুৰ ভৰালী, ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিপক কুমাৰ নেওগ, ধেমাজি জিলা বিদ্যালয়সমূহৰ ভাৰ-পৰিদৰ্শক কবিতা ডেকা, ধেমাজি মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ মুৰব্বী অধ্যাপক ড° উপেন কোঁচে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/24796014-5eef-40aa-8110-a821fb720c98/8be45014_e46c_4937_8c7c_780570c30b4e.jpg)
অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ প্ৰশান্ত দত্ত, তথ্য সম্পাদক মন্টুৰাজ বৰুৱা, কাৰ্যনিৰ্বাহক দ্বয় ৰাজীৱ গগৈ আৰু ৰবি কছাৰী, ধেমাজি জিলা ছাত্ৰ সভাপতি সঞ্জীৱ দাস, সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁই, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ সাধাৰণ সম্পাদক মৃণ্ময় বৰা, অসম উন্নতি সভাৰ ধেমাজি জিলা সমিতিৰ সম্পাদক শিবু গগৈ, ধেমাজি জিলা সাংবাদিক সন্থাৰ সম্পাদক জীৱন কোঁৱৰ আৰু ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী দুৱৰাই৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/05ecfd2d-17c8-4efb-a7ed-14bc7e823a44/9a4f0395_fb73_4cb6_bda5_66b5f0986cc8.jpg)
সম্বধৰ্না অনুষ্ঠানত ষ্টাৰ, ডিষ্টিংচনসহ সুখ্যাতিৰে উৰ্ত্তীণ হোৱা ১৬খন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ মুঠ ১৪৭ গৰাকী ছাত্ৰ-ছাত্ৰীক ফাইল কভাৰ আৰু মানপত্ৰৰে সম্বধৰ্না জনোৱা হয় ৷
Also Read: ধুবুৰীত ক্ৰমাৎ বৃদ্ধি পাইছে HIVৰ সংক্ৰমণ...