ধেমাজিৰ কাছাৰী ময়দানত জিলা ছাত্ৰ সন্থাৰ মুকলি বিহু উদযাপন...

মুকলি বিহুৰ থলীৰ পৰা ছাত্ৰ সংগঠনটোৱে সমগ্ৰ অসমবাসীক বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে হেঁপাহৰ বাপতি সাহোন বিহুটিক বিকৃত নকৰিবলৈ সকিয়াই দিয়ে...

author-image
Asomiya Pratidin
New Update
ধেমাজিৰ কাছাৰী ময়দানত জিলা ছাত্ৰ সন্থাৰ মুকলি বিহু উদযাপন...

ডিজিটেল সংবাদ, ধেমাজি : শনিবাৰে পহিলা ব'হাগৰ দিনা সমগ্ৰ ৰাজ্যখনৰ ভিন্ন প্ৰান্তত উলহ-মালহেৰে উদযাপন কৰিছে ৰঙালী বিহু । ইয়াৰ সমান্তৰালকৈ ধেমাজি জিলা ছাত্ৰ সন্থাও ধেমাজি কাছাৰী ময়দানত এদিনীয়াকৈ উদযাপন কৰে মুকলি বিহু৷

Advertisment

কাৰ্যসূচী অনুসৰি পুৱা ৯.০০ বজাত পৰা আৰম্ভ হয় এই বিহু। পুৱা ১০.০০ বজাত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাসে ৷ পুৱা ১০.২০ বজাত ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰাই বিহু পতাকা উত্তোলন কৰা পিছতেই ধেমাজি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁইয়ে শ্বহীদ তৰ্পন কাৰ্যসূচী সমাপন কৰে ৷

পুৱা ১১.০০ বজাত বিহু বাকৰি মুকলি কৰে ধেমাজি জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দিপক শৰ্মাই ৷ দুপৰীয়া ১২.০০ বজাত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা বিশিষ্ট নাট্যকাৰ বলীন বৰগোহাঁই আৰু বাহেঁৰে নিৰ্মিত বাদ্যযন্ত্ৰ নিৰ্মাতা লোকশিল্পী কৃষ্ণকান্ত গগৈক বিশেষ ভাৱে সম্বধৰ্না জনায় ৷ বিয়লি ১২.৩০ মুকলি বিহুৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিহুৰ শুভেচ্ছাৰ বক্তব্য ৰাখে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই।

উক্ত বিহুত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য সম্পাদক মন্টুৰাজ বৰুৱা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰবি কছাৰী, ধেমাজি মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ ড° বনজিৎ ভট্ট, সাহিত্যিক পেঞ্চনাৰ বিমল ৰাজখোৱা, ধেমাজি সদৰ আৰক্ষী থানাৰ অ.চি হিতেশ শৰ্মা, অসম সেনা ধেমাজি জিলা সমিতিৰ সংগঠক ডিম্বেশ্বৰ গগৈ, অসম উন্নতি সভাৰ ধেমাজি সমিতিৰ সভাপতি আৰু সম্পাদক ক্ৰমে উৎপল কোঁছ, শিবু গগৈ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ উপদেষ্টা কল্যান গগৈয়ে ৷

বিয়লি ২.০০ বজাত মুকলি বিহু অনুষ্ঠানত হুঁচৰি, জেং বিহু দলৰ লগতে বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক দলে অনুষ্ঠান পৰিৱেশন কৰাৰ উপৰিও চৰাইদেউ বিহু হুঁচৰি দলে প্ৰদৰ্শনীমূলক, তেজপুৰীয়া শিৱম'ৰ লোকবাদ্য আৰু লোকনৃত্য প্ৰদৰ্শনৰ পিছতেই সন্ধিয়াৰ পৰা জনপ্ৰিয় কণ্ঠশিল্পী মীৰদ্বীপৰ সংগীতানুষ্ঠান অনুষ্ঠিত হয় ৷ ইয়াৰ আগে মুকলি বিহুৰ থলীৰ পৰা ছাত্ৰ সংগঠনটোৱে সমগ্ৰ অসমবাসীক বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে হেঁপাহৰ বাপতি সাহোন বিহুটিক বিকৃত নকৰিবলৈ সকিয়াই দিয়ে ৷

Also Read: ১৯ বছৰীয়া নন্দিনীৰ শিৰত "ফেমিনা মিছ ইণ্ডিয়াৰ ২০২৩"ৰ মুকুত...

ALL ASSAM STUDENT UNION