/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/db697453-86ae-4ce6-8b91-384ef42c1e9c/Dha.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন ব'ৰ্ডৰ উদ্যোগত বুধবাৰে এক সামগ্ৰী বিতৰণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ সহযোগত অনুষ্ঠিত বিতৰণ অনুষ্ঠানত উপস্থিত থাকি দুখন "পাৱাৰ ৱেদাৰ" দুগৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাবে অৰ্পণ কৰে মহকুমাধিপতি কাৰ্তিক কলিতাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/48c783f1-f281-45a4-99a4-b5ab3abb6311/42866100_05af_476b_aa51_5bade8cfb98c.jpg)
উন্নয়ন বৰ্ডৰ সভাপতি হেমন্ত গগৈ সহ অন্যান্য সদস্য আৰু বিভাগৰ কৰ্মচাৰীসকলৰ উপস্থিতিত দীঘলা চাপৰি গাঁৱৰ হেম চন্দ্ৰ বৰগোঁহাই আৰু জালভাৰী গাঁৱৰ খগেন্দ্ৰ নাথ চাংমাইক অন্যান্য পিছপৰা শ্ৰেণী ৰাইজৰ বাবে ২০২০-২০২১ বর্ষৰ বিশেষ আৱণ্টনৰ পুঁজিৰে এই দুখন কৃষি সহায়ক বেটেৰী চালিত ঘাঁহ কটা মেচিন যোগান ধৰা হয়।
Also Read: লুণ্ঠনৰ দৌৰত ঠিকাদাৰঃ তিনিচুকীয়াতো জল জীৱন মিছন আঁচনিত অনিয়মৰ অভিযোগ