সাংস্কৃতিক পৰিক্ৰমাৰ বিভাগ, SLACৰ উদ্যোগত ধেমাজিত বৰ্ণাঢ্য কাৰ্যসূচীৰে লাচিত দিৱসৰ আয়োজন...

সাংস্কৃতিক পৰিক্ৰমাৰ বিভাগ, SLACৰ উদ্যোগত ধেমাজিত বৰ্ণাঢ্য কাৰ্যসূচীৰে লাচিত দিৱসৰ আয়োজন...
সাংস্কৃতিক পৰিক্ৰমাৰ বিভাগ, SLACৰ উদ্যোগত ধেমাজিত বৰ্ণাঢ্য কাৰ্যসূচীৰে লাচিত দিৱসৰ আয়োজন...

ডিজিটেল সংবাদ ধেমাজিঃ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি, ছাত্ৰ আৰু যুৱ কল্যান অসম চৰকাৰৰ উদ্যোগত তথা সাংস্কৃতিক পৰিক্ৰমাৰ বিভাগ, কলা নিকেতন আৰু বৃহত্তৰ চিলাপথাৰ অঞ্চলৰ বিভিন্ন দল- সংগঠনৰ সহযোগত চিলাপথাৰ নগৰৰ সমীপৰ মাদুৰিপথাৰস্হিত 'লাচিত সমন্বয় ক্ষেত্ৰ' ত অহা ২৩ আৰু ২৪ নৱেম্বৰত দুদিনীয়াকৈ বিস্তৃত কাৰ্য্যসূচীৰে ৪০১ সংখ্যক লাচিত দিৱস উদযাপন কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে। এই সম্পৰ্কে সোমবাৰে উদ্যোক্তাসকলে মাদুৰিপথাৰত এক সংবাদমেল সম্বোধন কৰে।

সংবাদমেলত ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি, ছাত্ৰ আৰু যুৱ কল্যান অসম চৰকাৰৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে কয় - ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত এছ এল এ চিয়ে যুৱ প্ৰজন্মৰ মাজত স্ব-নিৰ্ভৰশীলতাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি ক্ৰীড়াৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনতো মনোনিবেশ কৰি যুৱ সমাজক শক্তিশালীৰূপে গঢ় দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ সমান্তৰালকৈ জাতীয় বীৰ, বীৰঙ্গনাসকলৰ দেশপ্ৰেম আৰু আত্মত্যাগৰ আদৰ্শৰে উজ্জীৱিত কৰি যুৱ সমাজক নতুন দিগন্তলৈ আগুৱাই নিয়াৰ প্ৰচেষ্টাও চলাই আছে।

তেওঁ কয়, সেয়েহে এইবাৰ ধেমাজি জিলাৰ মাদুৰিপথাৰতো দুদিনীয়াকৈ ৪০১ সংখ্যক বীৰ লাচিত দিৱস উদযাপন কৰাৰ বাবে ইতিমধ্যেই এখনি শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷ দুদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰা এই অনুষ্ঠানত প্ৰথম দিনা অৰ্থাৎ ২৩ নৱেম্বৰত পুৱা অসম ভিত্তিত হাফ মাৰাথান প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ইয়াৰ জৰিয়তে লাচিত দিৱসৰ কাৰ্যসূচী শুভাৰম্ভ কৰিব অসম চৰকাৰৰ শক্তি আৰু ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোছাই।

পুৱা ৭ বজাত কলা নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি অন্যান্য কাৰ্যসূচী অনুষ্ঠিত কৰাৰ পাছতে স্থানীয় ব্যক্তিসকলে গছপুলি ৰোপন কৰিব।পুৱা ৯ বজাত জাতীয় বীৰ লাচিত দিৱসৰ মাংগলিক অনুষ্ঠানৰ প্ৰথম পৰ্ব অনুষ্ঠিত কৰাৰ পিছতে ১১-৩০ বজাত অস্হায়ী প্ৰদৰ্শনী গৃহ উদ্বোধন কৰিব ধেমাজি জিলাৰ আয়ুক্ত অংকুৰ ভৰাঁলীয়ে ।

দুপৰীয়া ১২ বজাত পৰম্পৰাগত ৰচী টনা, হাঁহ ধৰা,টেকেলী ভঙা, চামুচত কণী লৈ দৌৰা,পুৰুষৰ তেল খুটাত বগোৱা আদি প্ৰতিযোগিতা উদ্বোধন কৰিব অৰুণাচল প্ৰদেশৰ লিকাবালি সমষ্টিৰ বিধায়ক নিকিয়ৰ কাৰ্ডোৱে। বিয়লি ১.০০ বজাত ৰাজ্যিক ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পাছতে বিয়লি ৩ বজাত কলা নিকেতনৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ'ব।

উল্লেখ্য যে, প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ তিনি প্ৰতিযোগীক পুৰষ্কৃত কৰা হ'ব। সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন কাৰ্যসূচী উদ্বোধন কৰিব বিশিষ্ট সমাজকৰ্মী - শিক্ষাবিদ অমৃত দিহিঙ্গীয়াই। সন্ধিয়া ৬ বজাত 'মই লাচিতে কৈছোঁ' শীৰ্ষক বিশেষ সাংস্কৃতিক অনুষ্ঠান আৰু বঁটা বিতৰণী অনুষ্ঠান উদ্বোধন কৰিব বিশেষ অনাতাঁৰ শিল্পী গজেন নৰহে।

সেইদিনাই সন্ধিয়া ৫ বজাত ধেমাজি জিলাৰ মেকবেথ ড্ৰামাৰ দ্বাৰা 'বীৰ লাচিত' নাটক প্ৰদৰ্শন আৰু জনপ্ৰিয় কণ্ঠশিল্পী ৰোহিত সোনাৰে গীত পৰিৱেশন কৰিব। সংবাদমেলত উদযাপন সমিতিৰ সদস্য ভাস্কৰ বিক্ৰম চেতিয়াই কয় যে - ২৪ নৱেম্বৰৰ পুৱা ৯ বজাত লাচিত দিৱসৰ লগত সংগতি ৰাখি মাংগলিক অনুষ্ঠানৰ দ্বিতীয় পৰ্ব আৰু ৯-৩০ বজাত জাতীয় বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পন কৰা হ'ব।

পুৱা ১০ বজাত বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব এছ এল এ চি ৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে। দিনৰ ১১-৩০ বজাত বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ সাংস্কৃতিক প্ৰদৰ্শন কৰাৰ পাছত সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন কাৰ্যসূচী শুভাৰম্ভ কৰিব বিশিষ্ট সমাজকৰ্মী অৱসৰপ্ৰাপ্ত শিক্ষক গোলাপ বৰাই।

সন্ধিয়া ৫-৩০ বজাত উদযাপন সমিতিৰ সভাপতি তথা লখিমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চৌনা মে, বিশিষ্ট অতিথি হিচাপে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ সহঃ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা, ৰাজ্যৰ মন্ত্ৰী ক্ৰমে ডাঃ ৰণোজ পেগু, পৰিমল শুক্লবৈদ্য, যোগেন মোহন, বিমল বৰা,লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকা, মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।

মুকলি সভাতেই আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট অভিনেতা যতীন বৰা,গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাঙ, অৰ্জুন লাভলীনা বৰগোহাঁই, হিমা দাস, নয়নমনি শইকীয়া৷ অনুষ্ঠানত মৃদুপৱন চুতীয়াই সম্পাদিত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব জোনাই সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ভুৱন পেগুয়ে।

সন্ধিয়া ৭-৩০ বজাত বিশেষ সাংস্কৃতিক অনুষ্ঠান 'সমন্বয়ৰ সুৰেৰে' উদ্বোধন কৰিব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। সাংস্কৃতিক অনুষ্ঠানত নুপুৰ ডান্স একাডেমীৰ নৃত্যাঞ্জলি অনুষ্ঠানৰ অন্ততঃ কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়া, পাপৰি গগৈৰ লগতে অৰুণাচল প্ৰদেশৰ শিল্পী ৰেৰিক কাৰ্লেই গীতৰ শৰাই আগবঢ়াব।

বীৰ লাচিত দিৱসৰ দুদিনিয়া কাৰ্যসূচীত এছ এল এ চি ৰ সদস্য সচিব গীতাৰ্থ গোস্বামী আৰু উদযাপন সমিতিয়ে ৰাইজৰ উপস্থিতি সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছে। সংবাদমেলত উদযাপন সমিতিৰ যুটীয়া সম্পাদকদ্বয় আৰু মাদুৰিপথাৰ কলা নিকেতনৰ নৃপেন বৰঠাকুৰ,ৰাজীৱ গগৈৰ উপৰিও আয়োজক মণ্ডলীৰ কেবাজনো সন্মানীয় ব্যক্তিয়ে উপস্থিত থাকে।

সাংস্কৃতিক পৰিক্ৰমাৰ বিভাগ, SLACৰ উদ্যোগত ধেমাজিত বৰ্ণাঢ্য কাৰ্যসূচীৰে লাচিত দিৱসৰ আয়োজন...
কোকৰাঝাৰত শান্তি উদযাপনৰ অৰ্থে বিশাল ধন্যবাদ জ্ঞাপন কাৰ্যসূচী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in