কোকৰাঝাৰত শান্তি উদযাপনৰ অৰ্থে বিশাল ধন্যবাদ জ্ঞাপন কাৰ্যসূচী...

কোকৰাঝাৰত শান্তি উদযাপনৰ অৰ্থে বিশাল ধন্যবাদ জ্ঞাপন কাৰ্যসূচী...
কোকৰাঝাৰত শান্তি উদযাপনৰ অৰ্থে বিশাল ধন্যবাদ জ্ঞাপন কাৰ্যসূচী...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ বিটিচিৰ মিত্ৰজোঁট চৰকাৰৰ উদ্যোগত সোমবাৰে সন্ধিয়া ৫:০০ বজাৰ পৰা কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত শান্তি উদযাপনৰ অৰ্থে এক বিশাল ধন্যবাদ জ্ঞাপন কাৰ্যসূচীৰ আয়োজন কৰা হয় । বিটিআৰৰ বিভিন্ন এলেকাৰ পৰা কেইবা হাজাৰ লোকে ছাই ষ্টেডিয়ামত সমবেত হৈ শান্তি উদযাপনৰ কাৰ্যসূচীত ভাগ লয়।

উল্লেখ্য যে ২০২০ চনত তৃতীয় বড়ো শান্তি চুক্তি ৰূপায়ন হোৱাৰ পিছতে অঞ্চলটোলৈ শান্তি ঘূৰি আহিছে আৰু বিটিআৰ এলেকাৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত বৰ্তমান শান্তিপূৰ্ণ সহাৱস্থান অব্যাহত আছে । এনে এক পৰিৱেশৰ মাজত বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী, সকলো জাতি জনগোষ্ঠীৰ কলা-কৃষ্টি-সংস্কৃতি প্ৰদৰ্শনেৰে বৰ্ণিল ৰূপত উদযাপিত কৰা হয় শান্তি উদযাপনৰ অৰ্থে এক বৃহৎ ধন্যবাদ জ্ঞাপন কাৰ্যসূচীৰ।

উক্ত কাৰ্যসূচীত ইউ পি পি এল নেতৃত্বাধীন পৰিষদীয় চৰকাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় কেবিনেটৰ সহযোগীসকলক বিটিচিত শান্তিৰ সূচনা কৰাৰ সাহসী পদক্ষেপ লোৱাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত শান্তি উদযাপনৰ অৰ্থে অনুষ্ঠিত হোৱা বিশাল ধন্যবাদ জ্ঞাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত অসমৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কয় যে, বিটিচিত ইউপিপিএল, বিজেপি আৰু জিএছপি মিত্ৰজোঁটৰ চৰকাৰে প্ৰায় তিনি বছৰ অতিক্ৰম কৰিলে। প্ৰায় তিনিবছৰ শান্তিপূৰ্ণভাৱে অতিক্ৰম কৰাৰ বাবে শান্তি উদযাপনৰ অৰ্থে এক ধন্যবাদ জ্ঞাপন কাৰ্যসূচীৰ আয়োজন কৰা হয় ।

তেওঁ উক্ত কাৰ্যসূচীত এই অঞ্চলৰ শান্তি প্ৰতিষ্ঠাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে । শান্তি চুক্তি অনুসৰি প্ৰথম পৰ্যায়ৰ শোণিতপুৰ আৰু বিশ্বনাথ জিলালৈ গাঁও সম্প্ৰসাৰণ কৰা হৈছে আৰু ৪১ খন গাঁও বিটিআৰত অন্তৰ্ভুক্ত কৰা হৈছে।

লগতে তেওঁ কয় যে, বিটিচি চৰকাৰে সকলো জাতি- জনগোষ্ঠীক লৈ শান্তি আৰু উন্নয়নৰ বাবে কাম কৰি আহিছে। সকলো শ্ৰেণীৰ মানুহৰ মাজত শান্তি আৰু সম্প্ৰীতি বৰ্তাাই ৰাখিবলৈ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই আহ্বান জনাইছে।

ইপিনে মন্ত্ৰী অশোক সিংঘালে ভাষণ প্ৰসংগত কয় যে বিটিআৰৰ বেয়া দিনবোৰ অতীত হৈছে আৰু প্ৰমোদ বড়ো নেতৃত্বাধীন পৰিষদীয় চৰকাৰ ক্ষমতালৈ অহাৰ পিছত অঞ্চলটোত স্থায়ী শান্তি ঘূৰি আহিছে । মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ নেৰ্তৃত্বত অসমত নতুন দিগন্তৰ সূচনা হৈছে আৰু বিটিআৰ এলেকাত স্থায়ী শান্তি স্থাপন হোৱাৰ লগতে উন্নয়নৰ গতি ত্বৰাম্বিত হৈছে ।

এইক্ষেত্ৰত আগলৈও অসম চৰকাৰে শান্তি প্রতিষ্ঠাৰ ধাৰা আৰু উন্নয়নমূলক কাম-কাজ ত্বৰাম্বিত কৰিবলৈ বিটিচি চৰকাৰক সহায় কৰি যাব। তেওঁ কয় যে, আগতে মানুহে হত্যা-হিংসা আৰু বোমা বিস্ফোৰণৰ কথা পাতিছিল যদিও আজিকালি শান্তি, উন্নয়ন, শিক্ষা, কৃতিত্ব আদিৰ কথা ক’বলৈ আৰম্ভ কৰিছে।

বডোফা ইউ এন ব্ৰহ্ম ছুপাৰ-৫০ মিছনৰ অধীনত এ পি এছ চি পৰীক্ষাত অৱতীৰ্ণ হোৱা ৩৬ জনৰ ভিতৰত ১৬ গৰাকীয়ে মূল পৰীক্ষাত উত্তীৰ্ণ হোৱা বিষয়টোৰ প্ৰশংসা কৰি অশোক সিংঘালে বিটিচিৰ বহনক্ষম উন্নয়নৰ বাবে পৰিষদীয় চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে বুলিও উল্লেখ কৰে মন্ত্ৰী অশোক সিংঘালে।

আনহাতে বিটিচি প্ৰধান প্ৰমোদ বড়োই কয় যে, বড়োলেণ্ডত স্থায়ী শান্তি ঘূৰি আহিছে । চাৰিবছৰ আগত কোনেও কল্পনা কৰিব পৰা নাছিল যে বড়োলেণ্ডত শান্তি ঘূৰি আহিব কিন্তু আজি আমি শান্তি উদযাপন কৰিলো । বড়োলেণ্ডত শান্তি ঘূৰি অহাৰ আঁৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অৱদান উল্লেখ কৰি ২০২০ চনত চৰকাৰে শান্তি চুক্তি সম্পন্ন কৰাৰ পিছতে অঞ্চললৈ স্থায়ী শান্তি ঘূৰি আহিল।

আওপকীয়াকৈ বিপিএফৰ নেতাসকলক কটাক্ষ কৰি প্ৰমোদ বড়োয়ে কয় যে তেতিয়াৰ নেতাসকলে শান্তিৰ কথা ক'ব পৰা নাছিল। কিন্তু আমি প্ৰথম পৰ্যায়তে ১০০ শতাংশ সফল কিয়নো ইয়াত এতিয়া সকলো নিৰাপদ ।

আমাৰ উদ্দেশ্য আছিল শান্তি আৰু উন্নয়ন সেয়া বড়োলেণ্ড এলেকাত কাৰ্যকাৰী হৈছে। প্ৰথম পৰ্যায়ত যি লক্ষ্য লোৱা হৈছিল সেইক্ষেত্ৰত আমি সফল আৰু অনাগত সময়ছোৱাতো সকলোৱে একত্ৰিত হৈ শান্তি , নিৰাপত্তা অব্যাহত ৰাখিম ।

আজিৰ কাৰ্যসূচীত সাংসদ ৰৌণগৌৰা নাৰ্জাৰী , বিধায়ক লৰেঞ্চ ইছলাৰী , বিটিচিৰ কাৰ্যবাহী সদস্যসকল , দলীয় নেতা -কৰ্মী উপস্থিত থাকে।

কোকৰাঝাৰত শান্তি উদযাপনৰ অৰ্থে বিশাল ধন্যবাদ জ্ঞাপন কাৰ্যসূচী...
অভিনন্দন ! বিকাশৰ গতিত সুৰংগত আৱদ্ধ শ্ৰমিকৰ জীৱন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in