অসম আন্দোলনৰ শ্বহীদ, নিৰ্যাতিতক এককালীন সাহায্য আৰু পেঞ্চনৰ দাবী...

অসম আন্দোলনৰ শ্বহীদ, নিৰ্যাতিতক এককালীন সাহায্য আৰু পেঞ্চনৰ দাবী...
অসম আন্দোলনৰ শ্বহীদ, নিৰ্যাতিতক এককালীন সাহায্য আৰু পেঞ্চনৰ দাবী...

ডিজিটেল সংবাদ ধেমাজিঃ সদৌ অসম জাতীয় শ্বহীদ ও নিৰ্যাতিত পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ অন্তৰ্গত ধেমাজি জিলা সমিতিৰ এখন সাধাৰণ সভা সোমবাৰে ধেমাজি প্ৰেছ ক্লাৱত অনুষ্ঠিত হৈ যায় ৷ সভাত সভাপতিত্ব কৰে সদৌ অসম জাতীয় শ্বহীদ ও নিৰ্যাতিত পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ অন্তৰ্গত ধেমাজি জিলা সমিতিৰ সভাপতি অৰুন ৰাজকোঁৱৰে ৷

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে পৰিষদৰ ধেমাজি জিলা সমিতিৰ সম্পাদক খগেন হাজৰিকাই ৷ সভাত আগন্তুক ধেমাজি জিলা সমিতিৰ দ্বিবাৰ্ষিক অধিবেশনখনি আৰু অহা ২৫, ২৬ মাৰ্চত নাৰায়নপুৰত অনুষ্ঠিত হ'বলগা সদৌ অসম জাতীয় শ্বহীদ ও নিৰ্যাতিত পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ একাদশ দ্বিবাৰ্ষিক অধিবেশনত অংশগ্ৰহণৰ সন্দৰ্ভত আলোচনা কৰি সিদ্ধান্ত গ্ৰহন কৰা হয় ৷

সভাত ১৯৮৩ চনৰ ঐতিহাসিক অসম আন্দোলনত শ্বহীদ, নিৰ্যাতিত, পংগু, গুলিবিদ্ব, ধৰ্ষিতাসকলক স্বাধীনতা আন্দোলনত জড়িতসকলক দিয়া পেঞ্চনৰ দৰে মাহেকত ২০ হাজাৰ টকাকৈ ৰাজ্যিক চৰকাৰক পেঞ্চন প্ৰদান কৰিবলৈ দাবী জনাই সৰ্বসন্মতভাৱে প্ৰস্তাৱ গ্ৰহণ কৰি অসমৰ মূখ্যমন্ত্ৰী আৰু অসমৰ ৰাজ্যপাললৈ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

সভাত অসম আন্দোলনত নিৰ্যাতন ভোগ কৰা তথা সদৌ অসম ছাত্ৰ সন্থাৰ শ্বহীদ ন্যাসৰ পঞ্জীয়নভুক্ত প্ৰমানপত্ৰধাৰী মোহন দত্ত, পুৰ্নানন্দ বৰা, তৰুন কলিতা, ৰাজেন্দ্ৰ চাহু, উমাকান্ত টাৱ, সঞ্জয় ৰজক, ঘনশ্যাম গগৈ, টংকেশ্বৰ চমুৱা আৰু অসম আন্দোলনৰ সন্দৰ্ভত গুৰুত্বপুৰ্ন ভাষণ প্ৰদান কৰি অসম আন্দোলনৰ শ্বহীদ, নিৰ্যাতিত, পংগু, গুলিবিদ্ব, ধৰ্ষিতাসকলক ২ লাখ টকাকৈ এককালীন সাহায্য আৰু ৰাজ্য চৰকাৰক পেঞ্চন প্ৰদান কৰিবলৈ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰি সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰস্তাৱ প্ৰেৰণৰ সিদ্ধান্ত লোৱা হয় ।

সভাত ১৯৮৩ চনৰ অসম আন্দোলনৰ সময়ত নিৰ্যাতন ভোগ কৰা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ পৰা প্ৰমানপত্ৰৰ লগতে শ্বহীদ ন্যাসৰ পঞ্জীয়নভুক্ত প্ৰমানপত্ৰ পোৱা ধেমাজি জিলাৰ শ্বহীদ ও নিৰ্যাতিতৰ পৰিয়ালৰ শতাধিক লোক উপস্থিত থাকে ৷

অসম আন্দোলনৰ শ্বহীদ, নিৰ্যাতিতক এককালীন সাহায্য আৰু পেঞ্চনৰ দাবী...
বিনা অনুমতিত প্ৰতিবাদ কৰিবলৈ আহি আটক ভি পি আই দলৰ ১৫০ নেতা, কৰ্মী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in