বিনা অনুমতিত প্ৰতিবাদ কৰিবলৈ আহি আটক ভি পি আই দলৰ ১৫০ নেতা, কৰ্মী...

বিনা অনুমতিত প্ৰতিবাদ কৰিবলৈ আহি আটক ভি পি আই দলৰ ১৫০ নেতা, কৰ্মী...
বিনা অনুমতিত প্ৰতিবাদ কৰিবলৈ আহি আটক ভি পি আই দলৰ ১৫০ নেতা, কৰ্মী...

ডিজিটেল সংবাদ চিৰাং: আজি পুৱাৰ ভাগত চিৰাঙৰ কাজলগাঁও থানা চৌহদত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জিলা প্ৰশাসনৰ অনুমতি অবিহনে কাজলগাঁৱত ধৰ্ণা দিবলৈ গৈ আৰক্ষীৰ হাতত আটক হোৱা লোকসকলে থানাৰ চৌহদতে বিক্ষোভ প্রদর্শন কৰিবলৈ আৰম্ভ কৰে ।

দৰাচলতে ভোটাৰ পাৰ্টি ইন্টাৰনেচনেল চমুকৈ ভি পি আই নামৰ এটা ৰাজনৈতিক দলে কাজলগাঁৱত প্ৰতিবাদী ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰিবলৈ অনুমতি বিচাৰিছিল। উল্লেখ্য যে, যোৱা ৬ ফেব্ৰুৱাৰী তাৰিখে চিৰাং জিলা সদৰ কাজলগাঁৱত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰিবলৈ আহি জিলা প্ৰশাসনৰ নীতি নিৰ্দেশনাক অৱমাননা কৰি কাজলগাঁও থানাৰ কৰ্তব্যৰত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সৈতে দুৰ্ব্যৱহাৰ কৰি পৰবৰ্তী সময়ত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'বলগা হৈছিল ভি পি আই দলৰ ৰাজ্যিক সভাপতি ললিত পেগু।

ভিপিআই দলৰ পূৰ্বৰ কৰ্মকাণ্ড আৰু আজিৰ পৰা ওচৰতে থকা ইউ এন ব্ৰহ্ম মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়েই জিলা প্ৰশাসনৰ পৰা প্ৰতিবাদী ধৰ্ণা কাৰ্য্যসূচীৰ অনুমতি প্ৰদান কৰা নাছিল। কিন্তু জিলা প্ৰশাসনৰ অনুমতি অবিহনেই আজি অসমৰ বিভিন্ন জিলাৰ পৰা ভি পি আই ৰাজনৈতিক দলৰ দুই শতাধিক লোক কাজলগাঁৱত আহি উপস্থিত হৈ প্ৰতিবাদী ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰাৰ চেষ্টা চলায় ।

খবৰ লাভ কৰি জিলা প্ৰশাসনৰ পৰা অহা দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে প্ৰথমতে প্ৰতিবাদ কৰিবলৈ অহা ভি পি আই দলৰ নেতা কৰ্মীসকলক বুজনি দি ওভতাই পঠিয়াবলৈ যত্ন কৰে যদিও ভি পি আই দলৰ লোকসকলে জিলা প্ৰশাসনৰ কথা আওকাণ কৰি আকোঁৰগোজ মনোভাৱ লৈ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰাৰ স্থিতি গ্ৰহণ কৰে আৰু তেওঁলোকে আৰক্ষীৰ সৈতে তৰ্ক বিতৰ্কত লিপ্ত হয় ।

পিছত দণ্ডাধীশৰ উপস্থিতিত ভি পি আই দলৰ এই কাৰ্য্যকলাপ বেআইনী বুলি ঘোষণা কৰি প্ৰতিবাদকাৰীসকলক আটক কৰি কাজলগাঁও থানালৈ লৈ আহি প্ৰৱেশদ্বাৰৰ বন্ধ কৰি দিয়ে । তাৰ পিছতেই থানা চৌহদতে আটকাধীন লোকসকলে আৰক্ষী আৰু চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিবলৈ আৰম্ভ কৰে।

অৱশ্যে আৰক্ষীয়ে ওচৰতে থকা ইউ এন ব্ৰহ্ম মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব লগা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ হোৱা কাৰণ দেখুৱাই আন্দোলনকাৰী ভিপিআই দলৰ সদস্য সকলক শান্ত কৰে। ইপিনে দেৰ শতাধিক আন্দোলনকাৰী ভি পি আই দলৰ সদস্যসকলক আটক কৰাৰ খবৰ লাভ কৰি অন্যান্য জিলাৰ পৰা অহা শতাধিক লোক কাজলগাঁও থানাৰ দিশে আগবাঢ়ি আহে যদিও আৰক্ষীয়ে সেই লোকসকলক একপ্ৰকাৰে বলপ্ৰয়োগ কৰি থানাৰ সন্মুখৰ পৰা দূৰলৈ আঁতৰাই পঠিয়াই ।

ইপিনে আজিৰ ভি পি আই দলৰ নেতা কৰ্মীসকলে চিৰাং জিলা প্ৰশাসন আৰু আৰক্ষীৰ ব্যবহাৰত ক্ষোভ প্ৰকাশ কৰি কয় যে, আমি চিৰাং জিলাত ভূমিহীন লোকসকলক যিদৰে উচ্ছেদ অভিযান চলাই আছে তাৰ প্ৰতিবাদ জনাবলৈ গণতান্ত্ৰিক ভাৱে ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰিবলৈ আগতীয়াকৈ অনুমতি প্ৰদান কৰাৰ আৱেদন কৰিছিল। কিন্তু জিলা প্ৰশাসনে আমাৰ গণতান্ত্ৰিক আন্দোলন কৰাৰ অনুমতি প্ৰদান নকৰিলে ।

তাৰ বিপৰীতে অসমৰ বিভিন্ন জিলাৰ পৰা অহা আমাৰ ভি পি আই দলৰ নেতা কৰ্মীসকলক আটক কৰি থানাত আবদ্ধ কৰি ৰাখিলে। বাকী সকলক কুকুৰ মেকুৰীৰ দৰে কাজলগাঁৱৰ পৰা খেদি পঠিয়ালে যিটো কাম গণতান্ত্ৰিক ব্যৱস্থাৰ পৰিপন্থী বুলি অভিহিত কৰে ভি পি আই দলৰ নেতাসকলে ।

যোৱা ৬ ফেব্ৰুৱাৰী তাৰিখে এই চিৰাং জিলাৰ কাজলগাঁৱতে ভি পি আই দলৰ ৰাজ্যিক সভাপতি ললিত পেগুক অন্যায় ভাৱে অপযশ জাপি দি গ্ৰেপ্তাৰ কৰিছে বুলিও অভিযোগ কৰে । ভি পি আই দলে এই গণতন্ত্ৰ ব্যৱস্থাৰ বিৰুদ্ধে যুঁজ দি আহিছে আৰু আগলৈ যুঁজ দি যাব বুলি সকীয়নি প্ৰদান কৰে ।

বিনা অনুমতিত প্ৰতিবাদ কৰিবলৈ আহি আটক ভি পি আই দলৰ ১৫০ নেতা, কৰ্মী...
অসম চাহ কৰ্মচাৰী সংঘৰ ৬২ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশন: ভাষাৰ ওজা সোঁৱৰণী গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in