হোটেলৰ কোঠাত ওলমি থকা অৱস্থাত যুৱতীৰ মৃতদেহ উদ্ধাৰ

হোটেলৰ কোঠাত ওলমি থকা অৱস্থাত যুৱতীৰ মৃতদেহ উদ্ধাৰ

author-image
Asomiya Pratidin
New Update
হোটেলৰ কোঠাত ওলমি থকা অৱস্থাত যুৱতীৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল ডেস্কঃ বুধবাৰে ধেমাজিত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ। ধেমাজিৰ শিখা নামৰ হোটেলখনত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ। মৃত যুৱতীগৰাকীৰ ঘৰ তিতাবৰত বুলি জানিব পৰা গৈছে।

ওলমি থকা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ মৃতদেহট। আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। কিহৰ বাবে এই ঘটনা সংঘটিত হ'ল এতিয়াও জানিব পৰা হোৱা নাই।

এয়া আত্মহত্যা নে হত্যা ইয়াক লৈ সৃষ্টি হৈছে ৰহস্যৰ। মৰণোত্তৰ পৰীক্ষাৰ পাছতহে প্ৰকৃত কাৰণ পোহৰলৈ আহিব। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আৰক্ষীৰ।

Also Read: পুনৰ মণিপুৰত গুলীচালনা, নিৰুদ্দেশ ৪ জন

Assam police