/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/66226f40-6387-4334-a83c-7bdbc9714605/aimu.jpg)
-
মানকাচৰৰ চোমৰাশালীত পিক আপ ভেনৰ পৰা পৰি এজনৰ মৃত্যু।
-
থিতাতে নিহত হোৱা লোকজনক জয়নাল আবেদিন বুলি চিনাক্ত কৰা হৈছে।
-
কোকৰাঝাৰ জিলাৰ সাপকাটা থানা এলেকাৰ অধীনস্থ হাউৰীয়া গাঁৱৰ জেহেদ আলীৰ পুত্ৰ জয়নাল।
-
ব্যৱসায় সূত্ৰে মানকাচৰলৈ আহি পিক আপ ভেনখনত উঠি হাটশিঙিমাৰী অভিমুখে আহি আছিল লোকজন।
-
দ্ৰুতবেগী পিকআপ ভেনৰ পৰা হঠাত পৰি গৈ থিতাতে নিহত হয় তেঁও।
-
পিক আপ ভেনখনৰ নম্বৰ এম এল 0৮ এইচ ৮৩৭০।
-
ইতিমধ্যে কালাপানী আৰক্ষীয়ে পিক আপ ভেন খন জব্দ কৰিছে।
-
লগতে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে।
Also Read: গাৰো পাহাৰৰ পানীৰ ঢলে উটুৱাই নিলে তিনিখন কাঠৰ দলং