ধেমাজিত অগপৰ কাৰ্যকৰ্তা সন্মিলনৰ সামৰণি

ধেমাজিত অগপৰ কাৰ্যকৰ্তা সন্মিলনৰ সামৰণি

ডিজিটেল সংবাদ,ধেমাজিঃ মিত্ৰ দল বিজেপিৰ দুৰ্গত অগপৰ নিৰ্বাচনী ৰণশিঙা ৷ এইবাৰ দিল্লীলৈ এজন হ'লেও লোকসভাৰ সাংসদ পঠিয়াবলৈ দৃঢ় সংকল্প আঞ্চলিক দল অগপ ৷

দেওবাৰে ধেমাজিৰ অগপ দলৰ কাৰ্য্যকৰ্তা সন্মিলনৰ সভাত এই হুংকাৰ মন্ত্ৰী কেশৱ মহন্তৰ ৷ ১৪ নং লখিমপুৰ লোকসভাৰ সমষ্টিৰ অন্তৰ্গত ৯ টা বিধানসভা সমষ্টিক সামৰি লৈ দেওবাৰে এদিনীয়াকৈ ধেমাজি জিলাৰ গ্ৰামোন্নয়ন অভিকৰণৰ কাৰ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত হোৱা অগপ দলৰ এক বিশাল কাৰ্যকৰ্তা সন্মিলনৰ সামৰণি পৰে ৷

আগন্তুক লোকসভা নিৰ্বাচন তথা পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে দলটোক শক্তিশালী কৰাৰ লক্ষ্যৰে দলটোৱে আয়োজন কৰা এই কাৰ্যকৰ্তা সন্মিলনত অগপ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই উপস্থিত থাকে। সভাপতি বৰাৰ বক্তব্যত অনাগত লোকসভা তথা পঞ্চায়ত নিৰ্বাচনত বিজেপিৰে মিত্ৰতা অব্যাহত থাকিব বুলি মন্তব্য কৰে ৷ প্ৰসংগক্ৰমে তেওঁ সমষ্টি নিৰ্ধাৰণ প্ৰক্ৰিয়া চলি আছে সেইয়ে কোন কোন সমষ্টিত অগপই সমাগত লোকসভা নিৰ্বাচনত আসন বিচাৰিব সেইয়া এতিয়াই ঠিৰাং হোৱা নাই বুলি কয়।

লগতে এতিয়া দলটোৰ সাংগাঠনিক কাম-কাজতে বেছি গুৰুত্ব দিয়া প্ৰয়োজনীয়তাৰ বিষয়ে গুৰুত্ব আৰোপ কৰি ভাষণত কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰে মন্ত্ৰী অতুল বৰাই ৷ অগপ দলৰ এই কাৰ্যকৰ্তা সন্মিলনত সভাপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি মন্ত্ৰী কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক তথা অগপৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, চাবুৱা, অভয়াপুৰিৰ বিধায়ক ক্ৰমে পোনাকন বৰুৱা আৰু ভূপেন ৰায় ১৪ নং লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৯টা বিধানসভা সমষ্টিৰ অগপ দলৰ প্ৰায় ৩সহস্ৰাধিক নেতা কৰ্মীয়ে উপস্থিত থাকে ৷

সন্মিলনত লখিমপুৰ জিলাৰ প্ৰাক্তন আছু নেতা ধনমনি দত্তই অগপত যোগদান কৰে। সভাৰ পূৰ্বে অগপৰ ধেমাজি জিলা সমিতিৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তা সকলে দুই মন্ত্ৰী আৰু কেন্দ্ৰীয় নেতৃবৃন্দক গায়নবায়ন আৰু সাংস্কৃতিক দলেৰে সভাস্হলিলৈকে আদৰি নিয়ে ৷

ধেমাজিত অগপৰ কাৰ্যকৰ্তা সন্মিলনৰ সামৰণি
গুৱাহাটী প্ৰেছ ক্লাব নিৰ্বাচনঃ কোন পদত কোনজন প্ৰাৰ্থীয়ে জয়লাভ কৰিলে, জানক সৱিশেষ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in