
ডিজিটেল সংবাদ,চিলাপথাৰ : চিলাপথাৰ অঞ্চলৰ বিশেষভাৱে শাৰীৰিক সক্ষম লোকৰ মুখত হাঁহি বিৰিঙাই মাৰোৱাৰী সমাজে অনুষ্ঠিত কৰিলে কৃটিম ভৰি আৰু কেলিপাৰ প্ৰত্যাৰ্পণৰ শিবিৰ। চিলাপথাৰ নগৰৰ মাজমজিয়াত মঙলবাৰৰ পৰা ৩ দিনীয়াকৈ অনুষ্ঠিত এই শিবিৰত বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা বহু লোকৰ সমাগম দেখা যায়।
মাৰোৱাৰী সমাজে সম্পূৰ্ণ বিনামূল্যে বিতৰণ কৰি থকা কৃটিম অংগৰ সুবিধা ল'বলৈ লোকসকলক উদ্যোক্তাসকলে শিবিৰলৈ আমন্ত্ৰণ জনায়। কৃটিম ভৰি প্ৰত্যাৰোৰ্পণ আৰু কেলিপাৰ প্ৰদান কৰা মাৰোৱাৰী যুৱ মঞ্চ আৰু চিলাপথাৰ সমৃদ্ধি শাখাৰ এই পদক্ষেপৰ বাবে উৎফুল্লিত ৰাইজে প্ৰশংসা কৰে ।