সমগ্ৰ শিক্ষা ধেমাজিৰ উদ্যোগত নিপুণ অসমৰ পাঠদান নিৰীক্ষণ কৰ্মশালা...

সমগ্ৰ শিক্ষা ধেমাজিৰ উদ্যোগত নিপুণ অসমৰ পাঠদান নিৰীক্ষণ কৰ্মশালা...

author-image
Asomiya Pratidin
New Update
সমগ্ৰ শিক্ষা ধেমাজিৰ উদ্যোগত নিপুণ অসমৰ পাঠদান নিৰীক্ষণ কৰ্মশালা...

ডিজিটেল সংবাদ, ধোমাজিঃ ২৫এপ্ৰিল ২০২৪ত ধেমাজি জিলাৰ সমগ্ৰ শিক্ষাৰ অন্তৰ্গত বৰদলনি শিক্ষাখণ্ডত ক্লাছৰূম অৱজাৰ্ভেছন টোল চমুকৈ চিঅ'টিৰ এদিনীয়া প্ৰশিক্ষণ পশ্চিম গোগামুখ মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয়।

Advertisment

এই প্ৰশিক্ষণৰ জৰিয়তে নিপুন শিক্ষাখণ্ড হিচাপে স্বীকৃতি বৰদলনি শিক্ষাখণ্ডৰ অন্তৰ্গত ২৯টা মণ্ডল সমল কেন্দ্ৰ সমন্বয়কসকলক শ্ৰেণী কোঠাৰ পৰ্যবেক্ষণৰ সময়ত কি কি দিশত মনোনিৱেশ কৰিব লাগে আদি বিভিন্ন দিশৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয়।

প্ৰশিক্ষণ প্ৰদান কৰে নিপুণ অসমৰ ধেমাজিৰ জিলা পৰামৰ্শ দাতা ৰশ্মি দলে, বৰদলনি ল'ৰাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক নবীন চন্দ্ৰ বৰুৱা আৰু জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ধেমাজিৰ প্ৰৱক্তা ইন্দ্ৰজিৎ গামে।

উল্লেখযোগ্য যে প্ৰশিক্ষণৰ বাবে সমগ্ৰ শিক্ষা অসমৰ সহযোগী সংস্থা চিএছএফৰ ৰাজ্যিক মুৰব্বী ইন্দ্ৰনাথ চেটাৰ্জী উপস্থিত থকাৰ লগতে ধেমাজি জিলাৰ বিদ্যালয়সমুহৰ পৰিদৰ্শক তথা জিলা মিছন সমন্বয়ক বিতুপন হাজৰিকা, জিলা আঁচনি বিষয়া অৰুনিমা দুৱৰা, বৰদলনি শিক্ষাখণ্ডৰ বিআৰপি মুকুল সুত আৰু প্ৰণতি দেৱী উপস্থিত থাকে।

পুৱা ১০বজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰশিক্ষণত মূলতঃ ক্লাছৰূম অৱজাৰ্ভেচন টোলৰ লগত জৰিত এপৰ ব্যৱহাৰৰ বিষয়ে আৰু চিআৰচিচি সকলে কেনেকৈ পাঠদান নিৰীক্ষণ কৰিব সেই সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰা হয়।

Also Read: ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান নগাঁৱৰ চিকিৎসক, এ চি এছ বিষয়াৰ নাম...

dhemaji CRCC classroom observation tool