উত্তপ্ত চিমেন চাপৰি: ড্ৰাগছ আসক্ত যুৱকক আৰক্ষীকক চমজালে স্থানীয় ৰাইজে...

চিমেন চাপৰিত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান। ৰাইজে এজনক আটক কৰি চমজালে আৰক্ষীক...

author-image
Asomiya Pratidin
New Update
উত্তপ্ত চিমেন চাপৰি: ড্ৰাগছ আসক্ত যুৱকক আৰক্ষীকক চমজালে স্থানীয় ৰাইজে...

ডিজিটেল সংবাদ, ধেমাজি : ধেমাজিৰ ৩ নং চিমেন চাপৰিত ড্ৰাগছ নিবলৈ অহা এজন যুৱকক স্থানীয় ৰাইজে আটক কৰি চমজাই দিয়ে আৰক্ষীক। খবৰ অনুসৰি গাঁৱখনৰ দেব চুতীয়াৰ ঘৰলৈ সোমবাৰে তিনিজন যুৱক যোৱা দেখি ৰাইজৰ মনত সন্দেহ ওপজে আৰু ৰাইজে সোধপোছ কৰিবলৈ লোৱাত দুজন যুৱক পলাই যায়, আৰু আনজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

Advertisment

কৰায়ত্ব কৰা ধৃত যুৱকজন হ'ল অৰুণাচল প্ৰদেশৰ চেৰেণ গাঁৱৰ গামোৰ দয়ে (৩৫)। ড্ৰাগছ আসক্ত যুৱকজনক সোধা-পোছা কৰাত দেব চুতীয়াৰ ঘৰৰ পৰা ড্ৰাগছ ল'বকৈ অহা বুলি স্বীকাৰ কৰে। খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ দল। আৰক্ষী যথা সময়ত উপস্থিত হ'ল যদিও বিপদৰ উমান পাই দেব চুতীয়া নামৰ লোকজনে পলায়ন কৰে।

ইয়াৰ পিছতেই ৰাইজে কাষৰীয়া এখন দোকানত অভিযান চলোৱাত উত্তপ্ত হৈ পৰে পৰিৱেশ। দোকানীৰ সৈতে ৰাইজৰ তীব্ৰ বাক-বিতণ্ডা আৰু হতাহতি হয়। দেব চুতীয়াৰ ঘৰ আৰু দোকানৰ চালি পৰ্যন্ত ড্ৰাগছৰ সন্ধান কৰে অভিযানকাৰী দলে। নৱ প্ৰজন্মৰ ভৱিষ্যত অন্ধকাৰ কৰি তোলা ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ ৰাইজে প্ৰশাসনৰ প্ৰতি দাবী জনায়।

Also Read: ব্যৰ্থ বনবিভাগ: কচুৱাত বিদ্যুৎপৃষ্ঠ হৈ কৰুণ মৃত্যু বন্যহস্তীৰ...

Assam police