কাছাৰৰ লক্ষীপুৰত মৃতদেহ উদ্ধাৰ

কাছাৰৰ লক্ষীপুৰত মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ, শিলচৰঃ কাছাৰৰ লক্ষীপুৰত শোকাৱহ ঘটনা l লক্ষীপুৰ চহৰত উদ্ধাৰ এগৰাকী লোকৰ মৃতদেহ l লোক গৰাকী চন্দন দাস বুলি চিনাক্ত কৰা হৈছে l ফুলেৰতল ফেৰীঘাটৰ নলাত উদ্ধাৰ হৈছে মৃতদেহটো l লক্ষীপুৰ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেললৈ প্রেৰণ কৰে l

জানিবপৰা মতে, চহৰৰ ফুলেৰতলত গুৰিফুৰি মিটাই বিক্রী কৰা লোকগৰাকীৰ ঘৰ ভিতৰছোৱা গাঁও চনবাড়ীত l উপজাতি ছোৱালীক বিয়া পাতিছিল যদিও এতিয়া পত্নীক এৰি তিনি সন্তানকলৈ দিলখুশ বাগিচাত বসবাস কৰিছিল l এনে অৱস্থাত ফুলেৰতল ফেৰীঘাটৰ নলাৰ পৰা উদ্ধাৰ হৈছে তেওঁৰ মৃতদেহ l কিন্তু এতিয়ালৈকে মৃত্যুৰ কাৰণ স্পষ্ট হোৱা নাই যদিও অধিক সুৰাপানৰ বাবে নলাত পৰি মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে l আনহাতে, লোক গৰাকীৰ মৃত্যুৰ বাবে অসহায়হৈ পৰিছে তেওঁৰ তিনি গৰাকী সন্তান l

কাছাৰৰ লক্ষীপুৰত মৃতদেহ উদ্ধাৰ
৫০বছৰীয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বনকৰ্মী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in