চিলাপথাৰত সামৰণি পৰিল হাজং জনগোষ্ঠীৰ দুই সংগঠনৰ কেন্দ্ৰীয় অধিৱেশন...

চিলাপথাৰত সামৰণি পৰিল হাজং জনগোষ্ঠীৰ দুই সংগঠনৰ কেন্দ্ৰীয় অধিৱেশন...
চিলাপথাৰত সামৰণি পৰিল হাজং জনগোষ্ঠীৰ দুই সংগঠনৰ কেন্দ্ৰীয় অধিৱেশন...

ডিজিটেল সংবাদ ধেমাজিঃ অসমৰ অন্যতম জনজাতি হাজং জনগোষ্ঠীৰ জাতীয় সংগঠন অসম হাজং জাতীয় পৰিষদৰ ৮৪ সংখ্যক আৰু সদৌ অসম হাজং ছাত্ৰ সন্থাৰ ৩৬ সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ সোমবাৰেলি সফল সামৰণী পৰে। ধেমাজি জিলাৰ মাজৰবাৰীত ৮ ডিচেম্বৰৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা যৌথ অধিৱেশনৰ সোমবাৰে পুৱা বাহিৰ কৰা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা।

হাজং,বড়ো,ৰাভা,মিচিং, বাঙালী আদি বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক দলে অংশগ্ৰহণ কৰা শোভাযাত্ৰাই মিলন ভূমিলৈ পৰিণত হয় অধিবেশনস্থলী। দুপৰীয়া অনুষ্ঠিত মুকলি সভাত অসমৰ বিভিন্ন জনগোষ্ঠীয় দল সংগঠনৰ লগতে শিক্ষাবিদ বুদ্ধিজীৱীসকল উপস্থিত থাকে।

খিলঞ্জীয়া ভূমিপুত্ৰ হাজংসকলৰ বিভিন্ন জলন্ত-সমস্যাৰ ওপৰত কৰা হয় গুৰুতত্বপূৰ্ন আলোচনা। অসমত বসবাস কৰা ২ লক্ষাধিক হাজং জনগোষ্ঠীৰ আৰ্থ উন্নয়নৰ বাবে হাজং উন্নয়ন পৰিষদ চৰকাৰে গঠন কৰি দিছে যদিও সেয়া জনগোষ্ঠীটোৰ বাবে পৰ্যাপ্ত নহয় বুলি উল্লেখ কৰি সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে হাজং ৰাইজক মাহী আই চকুৰে নাচাই আৰ্থ- সামাজিক উন্নয়নৰ স্বাৰ্থত হাজং উন্নয়ন পৰিষদ ভংগ কৰি এখন চেটেলাইট স্বায়ত্ব শাসিত পৰিষদ প্ৰদানৰ লগতে জনগোষ্ঠীটোৰ কলা-কৃষ্টি, সংস্কৃতিসমূহৰ বাবে হাজং মিউজিয়াম আৰু গুৱাহাটীত হাজংসকলৰ বাবে এটি সুকিয়া ভৱন নিৰ্মাণৰ বাবে অধিৱেশনস্থলীৰ পৰাই চৰকাৰক দাবী জনাই অসম হাজং জাতীয় পৰিষদৰ সভাপতি ৰঘুনাথ হাজং আৰু সদৌ অসম হাজং ছাত্ৰ সন্থাৰ সভাপতি নিত্যানন্দ হাজঙে।

অন্যথা সময় বুজি ইয়াৰ প্ৰত্যুত্তৰ ৰাইজে দিব বুলি সুকিয়াই দিয়ে সংগঠন দুটাই। অধিৱেশনত অসমৰ গোৱালপাৰা, ওডালগুৰী, দৰং,হোজাই,বাক্সা,চিৰাং,দক্ষিণ শালমৰা,নগাঁও, কামৰূপ,শোণিতপুৰ, লখিমপুৰ,ধেমাজি, তিনিচুকীয়া,কাৰ্বি আংলং জিলাৰ পৰা প্ৰায় ডেৰশতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা প্ৰতিনিধি সভাত নিত্যানন্দ হাজংক সভাপতি, ধানেশ্বৰ হাজংক সাধাৰণ সম্পাদক হিচাপে লৈ সদৌ অসম হাজং ছাত্ৰ সন্থাৰ নতুন কেন্দ্ৰীয় সমিতি গঠন কৰা হয়।

একেদৰেই ৰঘুনাথ হাজংক সভাপতি, অলিক হাজংক সাধাৰণ সম্পাদক হিচাপে লৈ নতুন কৈ অসম হাজং জাতীয় পৰিষদৰ নতুন সমিতি গঠন কৰা হয়। অনাগত দিনত হাজং সকলৰ জাতীয় স্বাৰ্থত পিতৃ পুত্ৰৰ দৰে দুয়োটা সংগঠনে কাম কৰি যাব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।

চিলাপথাৰত সামৰণি পৰিল হাজং জনগোষ্ঠীৰ দুই সংগঠনৰ কেন্দ্ৰীয় অধিৱেশন...
নগাওঁ পাথৰীত ভংয়কৰ পথ দুৰ্ঘটনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in