
ডিজিটেল সংবাদ, ধেমাজি : চি বি এচ ই'ৰ অধীনত অনুষ্ঠিত দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত চমকপ্ৰদ ফলাফল প্ৰদৰ্শনৰে ৰাইজক উৎফুল্লিত কৰালে চিলাপথাৰৰ দুই কৃৰ্তি পৰীক্ষাৰ্থীয়ৈ। এগৰাকী দ্বীপৰাজ শৰ্মা আৰু আন গৰাকী নিকিতা পেগু।
চিলাপথাৰ চ'ছাইটিৰ নিবাসী পূৰ্ণ বাহাদুৰ শৰ্মা আৰু মীনা দেৱীৰ পুত্ৰ দ্বীপৰাজ শৰ্মাই সদ্য ঘোষিত দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত ৯৪.৫ শতাংশ নম্বৰৰে ধেমাজি জিলাখনৰ ভিতৰতে সৰ্বাধিক নম্বৰ লাভ কৰি উত্তীৰ্ণ হয়। ধেমাজি জৱাহৰ নৱোদয় বিদ্যালয়ৰ ছাত্ৰ দ্বীপৰাজ শৰ্মাই ক্ৰমে ইংৰাজীত ৮৭, অসমীয়াত ৯৪, গণিত ৯০, বিজ্ঞানত ৯৭, সমাজ বিজ্ঞানত ৯৬ নম্বৰ আৰু তথ্য-প্রযুক্তিত ৯৫ নম্বৰ মুঠ ৯৪.৫ শতাংশ নম্বৰ লাভ কৰে।
আনহাতে চিলাপথাৰ অকাজানৰ নিকিতা পেগুৱে সদ্যঘোষিত চি বি এচ ইৰ অধীনত অনুষ্ঠিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত (কলা) ৯৩.২ শতাংশ নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে। গুৱাহাটী বেতকুচিৰ ৰয়েল গ্ল'ৱেল স্কুলৰ পৰা দ্বাদশ বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা কৃতি ছাত্ৰী গৰাকীয়ে ক্ৰমে ইংৰাজীত ৮৭, ৰাজনীতি বিজ্ঞানত ৯৫, সমাজ বিজ্ঞানত ৯৬, মনোবিজ্ঞানত ৯৩ আৰু বুৰঞ্জীত ৯৫ নম্বৰ সহ মুঠ ৯৩.২ শতাংশ নম্বৰ লাভ কৰে।
নিকিতা হ'ল অসমৰ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী প্ৰয়াত গোমেশ্বৰ পেগুৰ নাতিনী তথা সমাজকৰ্মী সুচিল পেগু আৰু সুচিত্ৰা পেগুৰ কন্যা। ভৱিষ্যতে কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়ৰ বিষয়া হোৱাৰ মন মেধাবী ছাত্ৰী গৰাকী। কৃতি শীক্ষাৰ্থীদ্বয়ৰ সাফল্যত অঞ্চলবাসী উৎফুল্লিত হৈ পৰিছে।