দীপাংকৰ গগৈৰ আত্মহত্যাৰ ঘটনা সন্দৰ্ভত DGPয়ে ঘোষণা কৰা তদন্তক লৈ প্ৰতিক্ৰিয়া...

দীপাংকৰ গগৈৰ আত্মহত্যাৰ ঘটনা সন্দৰ্ভত DGPয়ে ঘোষণা কৰা তদন্তক লৈ প্ৰতিক্ৰিয়া...
দীপাংকৰ গগৈৰ আত্মহত্যাৰ ঘটনা সন্দৰ্ভত DGPয়ে ঘোষণা কৰা তদন্তক লৈ প্ৰতিক্ৰিয়া...

ডিজিটেল সংবাদ তিতাবৰঃ আলফা স্বাধীনৰ লগত যোগসূত্ৰ ৰক্ষা কৰি চলাৰ অভিযোগত আৰু যোৰহাটৰ লিচুবাৰীৰ সেনা ছাউনীত সংঘটিত গ্ৰেণেড বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আতিশয্য চলোৱাৰ পাছতে আত্মহত্যা কৰিছে দীপাংকৰ গগৈ নামৰ যুৱকজনে। এই আত্মহত্যাৰ ঘটনাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক বিদ্যুত শইকীয়াই।

উল্লেখ্য যে, দীপংকাৰ গগৈৰ আত্মহত্যাৰ পাছতে ডি জি পি জিপি সিঙে তদন্ত ঘোষণা কৰিছে। কিন্তু এই তদন্তক হাস্যকৰ আখ্যা দিছে কৃষক মুক্তিৰ নেতাগৰাকীয়ে।

তেওঁ আৰক্ষীয়ে অতি শীতল মস্তিস্কৰে যুৱকজনক আত্মহত্যাৰ পথ বাছি ল'বলৈ বাধ্য কৰিলে বুলি অভিযোগ কৰিছে। আৰক্ষীৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত কৰাটো এটা হাস্যকৰ বুলি মন্তব্য কৰি তেওঁ সমগ্ৰ ঘটনাতো অৱসৰপ্ৰাপ্ত এগৰাকী ন্যায়াধীশৰদ্বাৰা তদন্ত কৰিবলৈ অসম চৰকাৰক দাবী জনায়।

দীপাংকৰ গগৈৰ আত্মহত্যাৰ ঘটনা সন্দৰ্ভত DGPয়ে ঘোষণা কৰা তদন্তক লৈ প্ৰতিক্ৰিয়া...
বিলাসীপাৰাত তিনিজনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in