/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/90502ec7-2444-4b87-abe6-4a0286974842/1.jpg)
ডিজিটেল সংবাদ ,ধেমাজিঃ ২৩ ফেব্ৰুৱাৰীৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈকে তিনিদিনীয়া কাৰ্যসূচীৰে মাছখোৱাৰ বিলতীয়া গাঁৱৰ পূৰ্ণানন্দ কোঁচ ক্ষেত্ৰত অনুষ্ঠিত কৰা ঢকুৱাখনা জিলা বৈদিক সনাতন ধৰ্মালোচনী সমাজৰ ৪৬ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনখনি দেওবাৰে সামৰণি পৰে ৷ আগৰ দুদিনৰ দৰে আজি শেষৰ দিনাও উদযাপন স্থলীত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/34dfb37c-88a4-466d-97a2-64837fa267e3/WhatsApp_Image_2024_02_25_at_10_08_31_PM.jpeg)
আয়তিৰ বিভিন্ন ধৰণৰ দিহানামৰ পৰিৱেশনে অঞ্চলটোৰ এক অনন্য পৰিৱেশৰ সৃষ্টি কৰে ৷ ইপিনে দেওবাৰে অধিৱেশনস্থলীৰ পৰা বাহিৰ কৰা সাংস্কৃতিক শোভাযাত্ৰাই সমগ্ৰ মাছখোৱা অঞ্চল পৰিভ্ৰমণ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/9c73c1e8-d58d-4ea4-842d-74f5e4e1be45/WhatsApp_Image_2024_02_25_at_10_05_01_PM.jpeg)
উল্লেখযোগ্য বিভিন্ন দিহানামৰ দল, অসমৰ বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক দলৰ উপৰি প্ৰায় দুই সহস্ৰাধিক ভকত বৈষ্ণৱে অংশ গ্ৰহণ কৰা এই সাংস্কৃতিক শোভাযাত্ৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ ইফালে বিয়লিলৈ অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্যঅতিথি হিচাপে উপস্থিত থাকে শ্ৰীশ্ৰী আউনী আটি সত্ৰৰ ডেকা সত্ৰাধিকাৰ দেবানন্দ দেৱগোস্বামী আৰু মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য নিৰোদ বৰুৱাই ৷ মুকলি সভাৰ পিছতে সন্ধিয়া অনুষ্ঠিত হোৱা ভাওনা আৰু সাংস্কৃতিক অনুষ্ঠানেৰে সফল সামৰণি পৰে এই বৰ্ণময় অধিৱেশন ৷
Also Read: অৰুণাচল প্ৰদেশৰ ৪ কংগ্ৰেছ-এনপিপি বিধায়কে যোগদান কৰিলে বিজেপিত