অৰুণাচল প্ৰদেশৰ ৪ কংগ্ৰেছ-এনপিপি বিধায়কে যোগদান কৰিলে বিজেপিত

অৰুণাচল প্ৰদেশৰ ৪ কংগ্ৰেছ-এনপিপি  বিধায়কে যোগদান কৰিলে বিজেপিত

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচন সমাগত। এই সময়চোৱাত দেশত অব্য়াহত আছে দল-বাগৰা ৰাজনীতি। ইয়াৰ মাজতে অৰুণাচল প্ৰদেশৰ ৪ বিধায়কে যোগদান কৰে বিজেপিত।

দেওবাৰে বিজেপিত যোগদান কৰা ৪ বিধায়কৰ দুজন কংগ্ৰেছ আৰু দুজন এনপিপিৰ। ইয়াৰ লগে লগে অৰুণাচল বিধানসভাৰ ৬০ খন আসনৰ ৫৬ জন বিজেপিৰ বিধায়ক হয়। আন ৪ বিধায়ক দুজন কংগ্ৰেছ আৰু দুজন নিৰ্দলীয় দলৰ।

অৰুণাচলৰ ৰাজধানী ইটানগৰত অনুষ্ঠিত এক সভাত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ উপস্থিতিত এই যোগদান প্ৰক্ৰিয়া হয়।

বিজেপিত যোগদান কৰা বিধায়ক কেইজন- কংগ্ৰেছৰ নিনাংগ এৰিংগ আৰু বাংগলিন লোবংডোংগ, আৰু এনপিপিৰ বিধায়ক মুত্যু মিথি আৰু গোকৰ বছাৰ। এই অনুষ্ঠানত অসম মন্ত্ৰী অশোক সিংঘালো উপস্থিত থাকে।

অৰুণাচল প্ৰদেশৰ ৪ কংগ্ৰেছ-এনপিপি  বিধায়কে যোগদান কৰিলে বিজেপিত
কিয় নিজকে নোবেল বঁটাৰ বাবে যোগ্য বুলি ক'লে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in