/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/2eedac15-bdb4-45c9-bc48-71da54223e05/utyytty.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ আগন্তুক বৰ্ষৰ ৩ জানুৱাৰীত ধেমাজিত এদিনীয়াকৈ দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা ৰাষ্ট্ৰীয় পৰ্যায়ৰ দেহশ্ৰী প্ৰতিযোগিতাৰ লাইখুঁটা বৃহস্পতিবাৰে মাঙ্গলিক কাৰ্যক্ৰমনিকাৰে স্থাপন কৰা হয় ৷ ধেমাজি নগৰ কোলাপথাৰস্থিত সিদ্ধাৰ্থ বৰগোহাঁই ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব লগা প্ৰতিযোগিতাখনৰ লাইখুঁটা আনুষ্ঠানিকভাৱে স্থাপন কৰে আদৰণি সমিতিৰ সভাপতি ড° বুদ্ধিন্দ্ৰ বৰুৱা প্ৰমুখ্যে সমিতিৰ বিষয়-ববীয়াসকলে ৷
উল্লেখ্য যে, অকালতে এক পথ দুৰ্ঘটনাত পতিত হৈ চিৰদিনৰ বাবে হেৰাই যোৱা ধেমাজিৰ প্রতিশ্রুতিসম্পন্ন শৰীৰচৰ্চাবিদ সিদ্ধাৰ্থ বৰগোহাঁইৰ সোঁৱৰণীত অনুষ্ঠিত হ'ব মিষ্টাৰ সিদ্ধাৰ্থ বৰগোহাঁই ক্লাছিক-২০২৪' । প্ৰথম বাৰ্ষিক মিষ্টাৰ সিদ্ধাৰ্থ বৰগোহাঁই সোঁৱৰণী ৰাষ্ট্ৰীয় মুকলি প্ৰাইজমাণি দেহশ্ৰী প্ৰতিযোগিতাখনি সৰ্বাঙ্গসুন্দৰভাৱে অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে আদৰণি সমিতিয়ে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে ৷
প্রতিভাসম্পন্ন যুৱ শৰীৰচৰ্চাবিদ গৰাকীৰ প্ৰতি যথোচিত সন্মান জনোৱাৰ লগতে তেওঁৰ ক্রীড়া প্রতিভাক যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যেৰে তেখেতৰ পিতৃ, বিশিষ্ট সমাজকৰ্মী মুহি বৰগোহাঁই, মাতৃ ৰুমী বৰগোহাঁই তথা পৰিয়ালবৰ্গই ওৱল্ড এমেচাৰ বডি বিল্ডিং এছোচিয়েশ্বন ( World Amature Body Building Association) চমুকৈ WABBA আব্বাৰ পৰিচালনাত আৰু ধেমাজিবাসী ৰাইজৰ সহযোগত এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ দেহশ্ৰী প্ৰতিযোগীতাখনি আয়োজন কৰিছে ৷
ইপিনে ধেমাজি নগৰৰ কোলাপথাৰস্থিত সিদ্ধার্থ বৰগোহাঁই ক্ষেত্ৰত কালি এক সংবাদমেল সম্বোধন কৰি প্ৰতিযোগিতাখনিৰ আদৰণি সমিতিয়ে ইতিমধ্যে গ্ৰহণ কৰা প্ৰস্তুতি সন্দৰ্ভত সংবাদমাধ্যমক অৱগত কৰে ৷ মুঠ ৪ লাখ ১৫ হাজাৰ টকা প্ৰাইজমানি ধাৰ্য কৰা প্ৰতিযোগিতাখনিত দেহশ্ৰী প্ৰতিযোগিতাত চেম্পিয়ন খিতাপ অৰ্জন কৰা প্ৰতিযোগিয়ে ১.৫ লাখ, প্ৰথম ৰানাৰ্ছআপে ৭৫ হাজাৰ টকা, দ্বিতীয় ৰানাৰ্ছআপে ৫০ হাজাৰ আৰু প্ৰতিযোগিতা শীৰ্ষ স্থান প্ৰাপ্ত ৭ গৰাকীয়ে ২০ হাজাৰকৈ নগদ ধনৰ পুৰস্কাৰ লাভ কৰিব ৷ তদুপৰি প্ৰতিযোগিতাত বিজয়ীসকলে আকৰ্ষণীয় একোটাকৈ টফী আৰু প্ৰমানপত্ৰ লাভ কৰিব ৷
আদৰণি সমিতিৰ সভাপতি ড° বুদ্ধিন্দ্ৰ বৰুৱা আৰু প্ৰতিযোগিতাৰ মুখ্য পৃষ্ঠপোষক মুহি বৰগোহাঁইয়ে জনোৱা অনুসৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ দেহশ্ৰী প্ৰতিযোগিতাখনিত অৰ্জুন বঁটা প্ৰাপ্ত আন্তৰাষ্ট্ৰীয় বক্সাৰ, অলিম্পিয়ান লাভলীনা বৰগোহাঁইৰ লগতে মিষ্টাৰ এছিয়া-২০১৭ৰ খিতাপপ্ৰাপ্ত দীপক গগৈ, শৰীৰচৰ্চাবিদ তথা অভিনেতা ভাস্কৰ তামুলী, মাষ্টাৰছ্ ইউনিভাৰ্চ সমীৰ পাল আদি কৰি কেইবাগৰাকীও শৰীৰচৰ্চাবিদ উপস্থিত থকাৰ লগতে নিজৰ শৰীৰচৰ্চা প্ৰদৰ্শন কৰিব ৷ আনহাতে প্ৰতিযোগীতাৰ মুকলি অনুষ্ঠানত ওৱল্ড এমেচাৰ বডি বিল্ডিং এছোচিয়েশ্বনৰ (আব্বা) ৰাষ্ট্ৰীয় সম্পাদক সঞ্জীৱ ঝা ,দিল্লীৰ এমেচাৰ বডি বিল্ডিং এছোচিয়েশ্বনৰ সম্পাদক সুবোধ ঝা ,অসম এমেচাৰ এছোচিয়েশ্বনৰ সভাপতি জয়ন্ত ৰাজকোঁৱৰকে ধৰি বহু কেইগৰাকী অতিথি উপস্থিত থাকিব ৷
শৰীৰচৰ্চাৰ ওপৰত এখনি মনোজ্ঞ আলোচনাচক্ৰ, স্মৰণিকা উন্মোচন, সিদ্ধাৰ্থ বৰগোহাঁই সোঁৱৰণিমূলক তথ্যচিত্ৰ প্ৰদৰ্শন আদিকে ধৰি ভালেকেইটা আকৰ্ষনীয় কাৰ্যসুচীৰে অনুষ্ঠিত হ'ব ৷ শিক্ষাবিদ তথা উচ্চতৰ মাধ্যমিক শিক্ষা সংহদৰ প্ৰাক্তন অধ্যক্ষ ড° দয়ানন্দ বৰগোহাঁইয়ে উদ্ধোধন কৰিব লগীয়া আলোচনাচক্ৰখনি সঞ্চালনা কৰিব জ্যেষ্ঠ সাংবাদিক তথা এন.কে টিভিৰ কণ্টচাল্টটিং ইডিটৰ প্ৰণয় বৰদলৈয়ে ৷
প্ৰথমবাৰৰ বাবে ধেমাজিত অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ দেহশ্ৰী প্ৰতিযোগিতাৰ প্ৰাকমূহূৰ্তত ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট কণ্ঠ শিল্পী ড° বণজিৎ ভট্টই ৰচনা কৰা আৰু জুবিন গাৰ্গে সুৰ দিয়া এটি আৰ্কষনীয় শীৰ্ষ গীত পৰিৱেশন কৰিব ৷ উদ্যোগতা সকলে সমূহ ক্ৰীড়াপ্ৰমী ৰাইজৰ উপস্থিতি তথা সহযোগিতা কামনা কৰিছে ৷
বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা সংবাদমেলত আদৰণি সমিতিৰ সভাপতি ড° বুদ্ধিন্দ্ৰ বৰুৱা , সম্পাদক ঘনকৃষ্ণ বৰগোহাঁই , পৃষ্ঠপোষক মহি বৰগোহাঁই, অৱসৰপ্ৰাপ্ত জিলা পৰিষদৰ মুখ্যবাহী বিষয়া নৰেণ পাৱ , ডাঃ দিগন্ত ভাগৱতী , ৰাজীৱ দিহিঙীয়া ,মহেন্দ্ৰ কোৱঁৰ , অৱসৰপ্ৰাপ্ত বিদ্যুৎ পৰিষদৰ অভিযন্ত্ৰা টংকেশ্বৰ দুৱৰী প্ৰমুখ্যেবহুকেইগৰাকী গণমান্য ব্যক্তি উপস্থিত থাকে ৷
Also Read: গুৱাহাটীৰ এপাৰ্টমেন্টত জব্দ কোটি টকাৰ নিচাজাতীয় দ্ৰব্য, গ্ৰেপ্তাৰ ২ জন