ধেমাজিত বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী সভা

ধেমাজিত বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী সভা

ডিজিটেল সংবাদ ,ধেমাজি: অহা ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'ব লগা লোকসভা নিৰ্বাচনকলৈ শাসকীয় দল বিজেপিয়ে প্ৰচাৰ অভিযান অবাহত ৰাখিছে ৷ মনোনয়নপত্ৰ দাখিলৰ পিছৰে পৰাই প্ৰতিটো সমষ্টিতে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে।

শনিবাৰে বিজেপি দলৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ সৈতে শিক্ষামন্ত্ৰী তথা ধেমাজি সমষ্টিৰ বিধায়ক ডাঃ ৰনোজ পেগুৱে গোগামখুৰ নাহৰবাৰী , মধ্য মিংমাং ,ভেবেলী বৰদলনিৰ মিছামাৰী, ধেমাজিৰ বাটঘৰীয়া আৰু মাছখোৱা বেঙেনাগড়াত নিৰ্বাচনী প্ৰচাৰ অভিযান চলায় ৷ বিয়লি লৈ বাটঘৰীয়া চাংমাই চুকত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত অংশ লৈ মন্ত্ৰী ডাঃ পেগুৱে আকৌ এবাৰ মোডী চৰকাৰ দেশ বাসীয়ে বিচাৰিছে বুলি উল্লেখ কৰে।

কংগ্ৰেছ দলক কটাক্ষ কৰি তেওঁ কয় যে পানীত পৰিলে সাতুৰিব নাজানিলে যি অৱস্থা হয়, ভাঙি-চিঙি থানবান হৈ যোৱা কংগ্ৰেছ দলৰো একেই অৱস্থা। দেশে স্বাধীন হোৱাৰে পৰা ৭৫ বছৰে কংগ্ৰেছে কি উন্নয়ন সাধিলে ইয়াক ৰাইজে দেখিছে নহয় ৷ বিজেপিয়ে মাত্ৰ কেইটামান বছৰতে বিজেপি শাসনলৈ অহা পিছত ৰাখ্যখনৰ লগত দেশত দ্ৰুত গতিৰে উন্নতি হৈছে ৷

প্ৰসংগক্ৰমে তেওঁ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মহাপুৰুষ অথবা যুগৰ নায়ক বুলি আখ্যা দি নিজৰ নামত একঠা মাটি, ধন সম্প্ৰত্তি অথবা তেওঁৰ কোনো পৰিয়াল নথকা এইজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কোনো নিজা বুলি ক'বলৈ ঘৰ নাই, দেশখনেই তেওঁৰ ঘৰ আৰু তেওঁ এজন দেশৰ প্ৰধান সেৱক বুলি মন্ত্ৰী পেগুৱে উল্লেখ কৰে ৷ সেই গৰাকী দেশৰ প্ৰধান সেৱকৰ নেতৃত্বতেই ৰাজ্যত আৰু কেন্দ্ৰত থকা ডাবল ইঞ্জিন চৰকাৰ বিজেপিয়ে বিকশিত ভাৰতবৰ্ষ , বিকশিত অসম গঢ়াৰ পৰিকল্পনা কৰিছে বুলি উল্লেখ কৰি তেওঁ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাক ভোটদান দিবলৈ অনুৰোধ জনায় ৷

একেদৰে নিৰ্বাচনী সভাত বিজেপি দলৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই বক্তব্যত বিৰোধী দল কংগ্ৰেছক এটা গণবিছিন্ন দল বুলি কয়। তেওঁ কয় যে, এইবাৰ লখিমপুৰ লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দল তেওঁৰ বাবে কোনো ফেক্টৰেই নহয় আৰু লখিমপুৰত বিৰোধী বুলিবলৈ একোৱেই নাই ৷

শনিবাৰে বাটঘৰীয়া বিজেপিৰ পঞ্চায়ত সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ অভিযানত ধেমাজি অগপৰ বিধান সভাৰ সমষ্টিৰ সভাপতি অজিত দত্ত ,বিজেপিৰ লোক সভাৰ গ্ৰাম্য মণ্ডলৰ প্ৰভাৰী অনন্ত নেওগকে ধৰি বিজেপি আৰু অগপৰ মিত্ৰজোঁটৰ বহু কেইগৰাকী বিষয়ববীয়াই উপস্থিত থাকে ৷ উক্ত সভাত কেইবাজনে বিজেপিত যোগদানো কৰে।

ধেমাজিত বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী সভা
২০২৬ চনলৈ অসম কংগ্ৰেছত এজনো হিন্দু মানুহ নাথাকিবঃ হিমন্ত বিশ্ব

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in