/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/e939e8dd-4c5b-45d6-9bfb-6ff10283ae31/AP_Thumbnail_Dhemaji.jpg)
ডিজিটেল সংবাদ, ধেমাজি: ধেমাজিটো বিশ্ব ৰেকৰ্ডৰ আখৰা। ধেমাজিত বিশ্ব ৰেৰ্কডৰ বাবে চলা বিহু প্ৰশিক্ষণৰ অগ্ৰগতি বুজ ল'বলৈ বৃহস্পতিবাৰে ধেমাজিত উপস্থিত হয় অসম চাকাৰৰ নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘাল ৷ ধেমাজি নগৰৰ ৭ নম্বৰ ৱাৰ্ড স্থিত নগাখেলীয়া চিলাৰায় ভৱনত অনুষ্ঠিত হোৱা বিহুৱা আৰু নাচনী আখৰা স্থলীত উপস্থিত হয় মন্ত্ৰী গৰাকী ৷
কাৰ্যসূচীৰ পিছত মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত শেহতীয়া বিতৰ্কৰ সমূহৰ সন্দৰ্ভত মত প্ৰকাশ কৰে। তেওঁ কয় যে, বিতৰ্ক কৰাৰ সময় নহয়, অসম উন্নয়নৰ দিশে আগবাঢ়ি যাবলৈ আমি অনাহকত বিতৰ্ক বাদ দিব লাগিব৷
তদুপৰি অসমৰ ভিতৰতে ধেমাজিৰ বিহুৱা নাচনীৰ সুনাম থকা বুলি উল্লেখ কৰি নাচনী সকলক প্ৰশংসা কৰে মন্ত্ৰী গৰাকীয়ে ৷
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us