চিলাপথাৰৰ চিলা গাওঁত বিহু কৰ্মশালাৰ আয়োজন..

বিজতৰীয়া সংস্কৃতিৰ গ্ৰাসত বাপতিসাহোন বিহু চিলাপথাৰ চিলা গাওঁত বিহুৰ কৰ্মশালা আৰম্ভ অৰ্ধ সহস্ৰাধিকৰ অংশ গ্ৰহণ

author-image
Asomiya Pratidin
New Update
চিলাপথাৰৰ চিলা গাওঁত বিহু কৰ্মশালাৰ আয়োজন..

ডিজিটেল সংবাদ, চিলাপথাৰ : অসমীয়াৰ পদূলিত ৰঙালী বিহু। সৰ্বত্ৰে চলিছে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। ধেমাজিৰ চিলাপথাৰতো ৰঙালীক আদৰাৰ প্ৰস্তুতিৰে আয়োজন কৰা হৈছে বিহুৰ কৰ্মশালা।

Advertisment

ধেমাজিৰ ২ নং চিলাগাওঁ বিহু দল আৰু স্থানীয় ৰাইজৰ সহযোগত আজিৰে পৰা স্থানীয় খেলপথাৰত আৰম্ভ হৈছে বিহু কৰ্মশালা। প্ৰতিকুল পৰিৱেশৰ মাজতো অৰ্ধসহ্ৰাধিক প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে এই কৰ্মশালাত। বিজতৰীয়া সংস্কৃতিৰ গ্ৰাসত পৰা বিহুক সঠিকভাৱে উপস্থাপন কৰিবলৈ তথা নৱ প্ৰজন্মৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰ্মশালা খনিৰ আয়োজন কৰা হয়। কৰ্মশালাখনিত বিহুৱতী মাধুৰী বুঢ়াগোহাঁইয়ে বিহু নাচ, দেবেন্দ্ৰ বড়া আৰু লিখন গগৈয়ে ঢোল, পেঁপা আৰু বিহু গীতৰ প্ৰশিক্ষণ প্ৰদান কৰে।

কৰ্মশালাখনিৰ উদ্বোধন কৰে বিশিষ্ট বিহুৱা তথা সমাজকৰ্মী ধৰ্মেশ্বৰ চুতীয়াই। ১০ দিনীয়া কাৰ্যসূচীৰে আয়োজিত কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অৰুনোদ জনজাতি মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক জ্ঞানধৰ সোনোৱাল, সহকাৰী শিক্ষক ব্ৰজেন সোনোৱাল, বিহুৱতী ঋতুপৰ্ণা হাজৰীকা, দিপালী বৰদলৈ, প্ৰাক্তন কাউন্সিলৰ বৰ্নালী মহন্ত নাগ, সমাজকৰ্মী পোৱাল সোনোৱাল, পূৰ্ণকান্ত সোনোৱাল, গিৰিশ শইকীয়া নৰেন সোনোৱাল আদি। তদুপৰি আয়োজক সমিতিৰ বিশ্বাম সোনোৱাল, সূৰজ সোনোৱাল, মৃগেন বাগলাৰী, ভক্তি বাগলাৰী, টুটুমনি সোনোৱাল, সোনমনি সোনোৱাল, ৰিস্না সোনোৱাল, ৰশ্নি বুঢ়াগোহাঁই, নৱনীতা দাস আদি লোক উপস্থিত থাকে।

Also Read: মেগাষ্টাৰ ৰজনীকান্ত আৰু এখন ক্ৰিকেট ষ্টেডিয়াম...

bihu