চিলাপথাৰত বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা বিধায়ক ভূৱন পেগুৰ

চিলাপথাৰত বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা বিধায়ক ভূৱন পেগুৰ

ডিজিটেল সংবাদ, চিলাপথাৰঃ বদৰুদ্দিন আজমলে "তিনি দিন মীয়া-মুছলমান নহ'লে গুৱাহাচী কৱৰস্থান হ'ব" বুলি কৰা বিতৰ্কিত মন্তব্যই ৰাজ্যৰ ৰাজনৈতিক জগতত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। দেওবাৰে চিলাপথাৰত নগৰ মহাবিদ্যালয় আৰু নগৰ জেষ্ঠ্য মাধ্যমিক বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহত ভাগ লৈ আজমলক তীব্ৰ সমলোচনা কৰে বিধায়ক ভূৱন পেগুৱে।

অজমলৰ বক্তব্য খিলঞ্জীয়া অসমীয়াৰ বাবে চৰম অপমানজনক বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে। ৰাজ্যত মাত্ৰ ৩০ শতাংশ বাংলাদেশী মূলৰ মীয়া-মুছলমান থাকি অসমৰ মুখ্যমন্ত্ৰীক ব্ৰহ্মপুত্ৰত উটুৱাই দিয়াৰ হুংকাৰ দিয়া আজমলৰ দৰে শক্তিক সজোৰে প্ৰতিহত কৰিব লাগে বুলিও কয় ভূৱন পেগুৱে।

কংগ্ৰেছ দলেও যুগ যুগ ধৰি কৰি অহা 'কম্প্ৰমাইজ'ৰ বাবেই আজমল দৰে লোকে অসমীয়াৰ বিৰূদ্ধে হুংকাৰ দিবলৈ সুযোগ পাইছে বুলি মন্তব্য কৰে বিধায়ক তথা বিজেপিৰ মুখপাত্ৰ ভূৱন পেগুৱে।

চিলাপথাৰত বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা বিধায়ক ভূৱন পেগুৰ
নয়নজ্যোতি শৰ্মাৰ 'জাল কটা জুই'লৈ 'মুনীন বৰকটকী সাহিত্য বঁটা-২০২৩'

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in