মথুৰাপুৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা...

গুণগত শিক্ষা প্ৰসাৰণৰ লগতে সাংস্কৃতিক আৰু বৌদ্ধিক উত্তৰণৰ দিশত অমূল্য অৱদান আগবঢ়াই অহা মথুৰাপুৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত বৃহস্পতিবাৰে অনুষ্ঠিত হয় কৃতিমানক সম্বৰ্ধনা অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
মথুৰাপুৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা...

কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

ডিজিটেল সংবাদ, মথুৰাপুৰঃ গুণগত শিক্ষা প্ৰসাৰণৰ লগতে সাংস্কৃতিক আৰু বৌদ্ধিক উত্তৰণৰ দিশত অমূল্য অৱদান আগবঢ়াই অহা মথুৰাপুৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত বৃহস্পতিবাৰে অনুষ্ঠিত হয় কৃতিমানক সম্বৰ্ধনা অনুষ্ঠান ৷ পৰিচালনা সমিতিৰ সভাপতি ক্ষিৰোদ গগৈ সমাজকৰ্মী মুনীন ৰাজকোঁৱৰ, প্ৰদীপ গগৈ, মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক আদিত্য বৰঠাকুৰ, প্ৰধান আচাৰ্য টুটুমণি বৰগোহাঁইকে ধৰি আচাৰ্য-আৰ্চাযা আৰু অঞ্চলটোৰ ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানটিত অংশগ্ৰহণ কৰে ।

Advertisment
কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষানুষ্ঠান খনৰ পৰা সু-খ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীসকলক একোটাকৈ ফাইল কভাৰ,কলম, গামোছাৰে সম্বৰ্ধনা জনোৱা হয় ৷ উল্লেখ্য যে,পূৰ্বৰ বৰ্ষ সমূহৰ দৰে এইবছৰো বিদ্যালয়খনৰ এশ শতাংশ ছাত্ৰ-ছাত্ৰীয়েই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে । বিদ্যালয়খনৰ পৰা এইবাৰ অৱতীৰ্ণ হোৱা ৩৯ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত১৮ গৰাকীয়ে প্ৰথম বিভাগ আৰু ১৯ গৰাকী শিক্ষাৰ্থীয়ে দ্বিতীয় বিভাগ আৰু দুগৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। ইয়াৰে প্ৰেৰণা বুঢ়াগোহাঁইয়ে ডিষ্টিংচন আৰু তিনি গৰাকী শিক্ষাৰ্থীয়ে ষ্টাৰ নম্বৰ পাবলৈ সক্ষম হৈছে।

Also Read: নাগ্ৰীজুলিত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দঃ আটক তিনিজন...

Felicitation of meritorious students sangkardev sishu vifya niketan