চিলাপথাৰত খ্ৰীং খ্ৰীং বাইথ' পূজাৰ প্ৰস্তুতি

চিলাপথাৰত খ্ৰীং খ্ৰীং বাইথ' পূজাৰ প্ৰস্তুতি

ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰত সোনোৱাল কছাৰীসকলৰ পৰম্পৰাগত খ্ৰীং খ্ৰীং বাইথ' পূজাৰ প্ৰস্তুতি চলি আছে । জনগোষ্ঠীয় গীত মাতেৰে জীপাল হৈ উঠিছে উদযাপনথলী।

অহা ১৬ মাৰ্চৰ পৰা ১৮ মাৰ্চলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চিলাপথাৰত অনুষ্ঠিত হ'ব সোণোৱাল কছাৰীসকলৰ আৰাধ্য দেৱতা খ্ৰীং খ্ৰীং বাইথ' অৰ্থাৎ মহাদেৱৰ পূজা। অসম চৰকাৰৰ উদ্যোগত আৰু সোণোৱাল জনগোষ্ঠীয় সংগঠন আৰু অনুষ্ঠানৰ সহযোগত অনুষ্ঠিত হ'ব এই পূজা।

ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে দৃষ্টিনন্দন মূল তোৰণ। যুদ্ধকালীন তৎপৰতাৰে নিৰ্মাণ কৰা হৈছে বিশালকায় মঞ্চৰ লগতে অন্যান্য শিবিৰ আৰু বিপনি।‌ এতিয়াও অব্যাহত আছে জনগোষ্ঠীয় কৃষ্টি সংস্কৃতিৰ আখৰা।

২ নং চিলাগাঁওত আয়োজিত কাৰ্যসূচীত পূজাৰ লগতে অনুষ্ঠিত হ'ব মনোজ্ঞ আলোচনা চক্ৰ, বৰেণ্য ব্যক্তিৰ সম্বৰ্ধনা আৰু বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰদৰ্শন। অনুষ্ঠান যুগমীয়া কৰি তুলিবলৈ উন্মোচন কৰা হ'ব প্ৰকাশিত স্মৃতিগ্ৰন্থ 'বাইথ' গিৰি'।

ভূমিপুত্ৰ সোণোৱাল কছাৰীসকলৰ মূল পূজা বা আত্মপৰিচয় বাইথ' পূজা উদযাপনৰ ক্ষেত্ৰত অসম চৰকাৰ আৰু সোণোৱাল কছাৰী স্বায়ত্ব পৰিষদে পূৰ্ণ সহযোগ আগবঢ়াব বুলি আয়োজক সমিতিয়ে সদৰি কৰিছে।

অন্তিম দিনটোৰ কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম চৰকাৰৰ সংস্কৃতিক মন্ত্ৰী বিমল বৰা, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগু প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তিয়ে শোভাৱৰ্ধন কৰিব।

চিলাপথাৰত খ্ৰীং খ্ৰীং বাইথ' পূজাৰ প্ৰস্তুতি
আজি অসমলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in