/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/9fecf299-2998-414a-8db8-93393aa6e171/10.jpg)
ডিজিটেল সংবাদ,বেবেজীয়া : অসমৰ বৃহত্তৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক ২০২৪ বাৰপূজীয়া অধিৱেশনলৈ মাজত মাথোঁ ৩ মাহতকৈয়ো কম দিন থকাৰ ক্ষেত্ৰত আদৰণি সমিতিৰ লগতে উপ-সমিতিৰ তৎপৰতা ক্ৰমে বৃদ্ধি পাবলৈ ধৰিছে। ৪দিনীয়া কাৰ্যসূচীৰ প্ৰতিদিনে লক্ষাধিক লোকৰ সমাগম হ'ব লগা অনুষ্ঠানটোত খোৱাপানীৰ ক্ষেত্ৰত বিশেষ সতৰ্কতা লোৱা হ'ব বুলি আদৰণি সমিতিৰ সাধাৰণ সম্পাদক ডাঃ প্ৰদীপ কুমাৰ ডেকাই জানিবলৈ দিয়ে।
তদুপলক্ষে পানী যোগান উপ-সমিতিৰ সভাপতি দেবজিত পাতৰৰ নেতৃত্বত জিলা জনস্বাস্থ্য বিভাগৰ বিষয়াৰ জৰিয়তে প্ৰস্তাৱিত ক্ষেত্ৰখনৰ বিভিন্ন দিশত ভূমিপৃষ্ঠৰ ৫০/১০০ ফুট গভীৰতাৰ পৰা পানীৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষণৰ বাবে প্ৰেৰণ কৰে। এই ক্ষেত্ৰত মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাই অধিবেশনৰ সকলো দিশতে নিখুঁত পৰিকল্পনাৰে আগবাঢ়িলৈ আদৰণি সমিতিক আহ্বান জনায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us