/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/d04153c9-e2b7-49a9-9d0e-f292c3c09e8c/gopeswar_bora.jpg)
সত্ৰীয়া সংস্কৃতিৰ সেৱক, সমাজকৰ্মী গোপেশ্বৰ বৰাৰ মৃত্যত শোক...
ডিজিটেল সংবাদ নগাঁও : নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত চকৰিগাঁও নিবাসী, সত্ৰীয়া সংস্কৃতিৰ সেৱক, বিশিষ্ট সমাজকৰ্মী তথা স্বাস্থ্য বিভাগৰ অৱসৰপ্রাপ্ত পৰিদৰ্শক গোপেশ্বৰ বৰা (৮০)ৰ সোমবাৰে বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।
তেখেত এগৰাকী নামতী, গায়ন, সূত্ৰধাৰ হিচাপে অঞ্চলটোত বিশেষভাবে পৰিচিত আছিল। অঞ্চলৰ বিভিন্ন সামাজিক, ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোতঃ ভাবে জড়িত থকা সত্ৰীয়া সংস্কৃতিৰ সেৱকগৰাকীৰ বিয়োগৰ খবৰ বিয়পি পৰাৰ পিছতে তেখেতৰ বাসগৃহত বহু লোকৰ সমাগম হয় আৰু মৃতকৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।
পিছত স্থানীয় ৰাইজে খোল-তাল বজাই শ্মশানযাত্ৰা কৰি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে। অত্যন্ত সহজ-সৰল, অমায়িক স্বভাৱৰ ব্যক্তি গোপেশ্বৰ বৰাই মৃত্যুৰ সময়ত পত্নী, দুগৰাকী পুত্ৰ, বোৱাৰী, এগৰাকী জীয়াৰী, নাতি-নাতিনীকে ধৰি বহু আত্মীয়-স্বজনক এৰি থৈ যায়।
Also Read: মানৱতাৰ বধ্যভূমি পাকিস্তান ! বিধ্বস্ত অৰ্থনীতিয়ে ধ্বংস কৰা দেশখনত আত্মঘাতি আক্ৰমণ...