ভোগজৰা আৰু মাছখোৱা প্ৰেছ ক্লাবৰ উদ্যোগত বঁটা প্ৰদান অনুষ্ঠানঃ শিক্ষাবিদ মুখ্যনাথ পাতিৰলৈ জীয়াধল উপত্যকা বঁটা

ভোগজৰা আৰু মাছখোৱা প্ৰেছ ক্লাবৰ উদ্যোগত বঁটা প্ৰদান অনুষ্ঠানঃ শিক্ষাবিদ মুখ্যনাথ পাতিৰলৈ জীয়াধল উপত্যকা বঁটা

author-image
Asomiya Pratidin
New Update
ভোগজৰা আৰু মাছখোৱা প্ৰেছ ক্লাবৰ উদ্যোগত বঁটা প্ৰদান অনুষ্ঠানঃ শিক্ষাবিদ মুখ্যনাথ পাতিৰলৈ জীয়াধল উপত্যকা বঁটা

ভোগজৰা আৰু মাছখোৱা প্ৰেছ ক্লাবৰ উদ্যোগত বঁটা প্ৰদান অনুষ্ঠানঃ শিক্ষাবিদ মুখ্যনাথ পাতিৰলৈ জীয়াধল উপত্যকা বঁটা

ডিজিটেল সংবাদ ধেমাজিঃ আৰ্থ সামাজিক সংগঠন ভোগজৰা আৰু মাছখোৱা প্ৰেছ ক্লাবৰ যৌথ উদ্যোগত শনিবাৰে মাছখোৱা স্নাতক মহাবিদ্যালয় প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ মুখ্যনাথ পাতিৰক 'জীয়াধল উপত্যকা বঁটা' প্ৰদান কৰা হয় ৷ একেদৰে অনুষ্ঠানতে বিশিষ্ট শিক্ষাবিদ বৈষ্ণৱ পণ্ডিত বনমালী দেৱ গোস্বামী স্মাৰক অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ বঁটা প্ৰদান কৰা হয় ধেমাজি নলনিপাম প্ৰাথমিক বিদ্যালয়ক ৷

Advertisment

সাংবাদিক অনিৰ্বাণ বি গোঁহাইৰ স্মাৰক সাংবাদিকতা বঁটা প্ৰদান কৰা হয় এন. কে টিভিৰ তিনিচুকীয়াৰ সাংবাদিক প্ৰাঞ্জল প্ৰতিম ভূঞাক ৷ সামাজিক সংগঠনৰ বিশেষ বঁটা প্ৰদান কৰা হয় কৃষিভিত্তিক সাংস্কৃতিক অনুষ্ঠান উই কেনক ৷

ইয়াৰ লগতে বৃহত্তৰ মাছখোৱাৰ বিভিন্ন বিদ্যালয়ৰ ষষ্ঠ মানৰ পৰা দশম শ্ৰেণীলৈ প্ৰতিগৰাকী প্ৰথম স্থান প্ৰাপ্ত শিক্ষাৰ্থীক বিশিষ্ট শিক্ষাবিদ হলধৰ য়েইন স্মাৰক কৃতি ছাত্ৰ- ছাত্ৰী বঁটা প্ৰদান কৰা হয় ৷ অনুষ্ঠানত অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোঁহাই, সহকাৰী সম্পাদক বিষ্ণু শৰ্মা, সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দীপক শৰ্মা আৰু অসম বাৰ্তাজীৱী সংঘৰ কাৰ্যকৰী সদস্য অশ্বিনী কুমাৰ দুৱৰা, ধেমাজি জিলা সাংবাদিক সংস্থাৰ সম্পাদক জীৱন কোঁৱৰ আৰু ধেমাজি প্ৰেছ ক্লাৱৰ প্ৰাক্তন সম্পাদক হৰেন্দ্ৰ নাথ শৰ্মাই ৷

অনুষ্ঠানত ডিব্ৰুগড়ৰ হনুমান বক্স কানৈ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° প্ৰিয়দেৱ গোস্বামীয়ে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ''ছাত্ৰ- ছাত্ৰীয়ে পাঠ্যক্ৰম বৰ্হিভূত সুশিক্ষা গ্ৰহণত অভিভাৱক আৰু সামাজিক সংগঠনৰ ভূমিকা “ শীৰ্ষক বিষয়ৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানত শিশু বক্তা হিচাবে ভাষণ প্ৰদান কৰে অনমিতা শৰ্মা , ময়ুৰ পংকজ গগৈ আৰু ধৃতিদ্বীপা দত্তই ৷

মাছখোৱা স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষ গুণৰাজ ইয়েইনে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰা অনুষ্ঠানৰ আঁত ধৰে বিশিষ্ট লেখিকা প্ৰণতি দেৱী শৰ্মাই ৷ ইয়াৰ পূৰ্বে সভাৰ আৰম্ভণিতে আদৰণি ভাষন প্ৰদান কৰে জীয়াধল উপত্যকা বটাঁ ২০২৩-২৪ বৰ্ষৰ সমন্বয়ক বিজন শৰ্মাই ৷

অনুষ্ঠানত নৰ্থ বেংক মহাবিদ্যালয়ৰ প্ৰবক্তা তথা প্ৰয়াত সাংবাদিক অনিবাৰ্ণ বি গোহাইৰ সহধৰ্মিনী গায়ত্ৰী দলে বৰগোহাঁই, ভোগজৰা উপদেষ্টা মণ্ডলীৰ হৈ নৰেন্দ্ৰ কুমাৰ পাও , বিমলা গগৈ, নবীন কামান আৰু ড° দীপক বৰগোহাঁই উপস্থিত থাকে ৷ সভাত বিভিন্ন ঠাইৰ পৰা অহা অতিথি, ৰাইজৰ লগতে বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলো উপস্থিত থাকে ৷

সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই মাছখোৱা প্ৰেছ ক্লাবৰ সম্পাদক মিন্টু শইকীয়াই।

Also Read: PM Modi in Assam Live Updates: অসমৰ বিকাশৰ বাবে ৰাইজক অভিনন্দন জনালে মোডীয়ে

ভোগজৰা মাছখোৱা প্ৰেছ ক্লাব