১০০ বিপণিৰে ৩ দিনীয়া 'আত্মনিৰ্ভৰ ধেমাজি'ৰ শুভাৰম্ভ...

১০০ বিপণিৰে ৩ দিনীয়া 'আত্মনিৰ্ভৰ ধেমাজি'ৰ শুভাৰম্ভ...

author-image
Asomiya Pratidin
New Update
১০০ বিপণিৰে ৩ দিনীয়া 'আত্মনিৰ্ভৰ ধেমাজি'ৰ শুভাৰম্ভ...

১০০ বিপণিৰে ৩ দিনীয়া 'আত্মনিৰ্ভৰ ধেমাজি'ৰ শুভাৰম্ভ...

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজিৰ কাছাৰী ময়দানত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে তিনিদিনীয়া 'আত্মনিৰ্ভৰ ধেমাজি' শীৰ্ষক এক অনুষ্ঠান । বৃহস্পতিবাৰে আৰম্ভ কৰা ১০০ খন বিপণিৰ ভিতৰত ৬৫ খন বিপনীয় জিলাখনৰ বিভিন্ন আত্মসহায়ক গোটৰ৷

Advertisment

ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে আনুষ্ঠানিকভাৱে দুপৰীয়া এই অনুষ্ঠানৰ মুখ্য দ্বাৰৰ শুভাৰম্ভ কৰে। ধেমাজি জিলাৰ যুৱক-যুৱতী তথা কৰ্মমুখী লোকসকলক উদ্যমিতা আৰু আত্মসংস্থাপনৰ বাট দেখুৱাই জিলাখনক স্বনিৰ্ভৰশীলতাৰ দিশত আগুৱাই নিয়াৰ লগতে কৃষক আৰু গ্ৰাম্য শিপিনীসকলে যাতে উচিত মূল্যৰ বজাৰৰ সমাদৰ পায় তাৰ প্ৰতি লক্ষ্য ৰাখি ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই মেলাখনৰ মুখ্য দ্বাৰ উদ্বোধন কৰি দিয়া ভাষণত জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে কয় যে, 'আত্মনিৰ্ভৰ ধেমাজি' এটা সুন্দৰ প্ৰয়াসৰ সবল আৰম্ভণি। তাৰ বাবে তেওঁ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু ধেমাজি জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ বিষয়ববীয়া কৰ্মচাৰীসকল ধন্যবাদৰ পাত্ৰ বুলি উল্লেখ কৰে ৷

ইফালে একে সময়তেই বৃহস্পতিবাৰে দুপৰীয়াই আত্মসহায়ক গোটৰ প্ৰযুক্তি মণ্ডপৰ দ্বাৰ উন্মোচন কৰে ধেমাজি জিলা উন্নয়ন আয়ুক্ত বিশ্বজিৎ ফুকনে ৷ কৃষি আৰু উদ্যোগৰ মণ্ডপৰ দ্বাৰ উন্মোচন কৰে মিছিং স্বায়ত্ত্বশাসিত পৰিষদৰ অধ্যক্ষ সুণিল পেগুৱে।

'ধেমাজি' নামৰ মণ্ডপৰ দ্বাৰ উন্মোচন কৰে ধেমাজিৰ খণ্ড উন্নয়ন বিষয়া নবীন কামানে। থলুৱা খাদ্য মেলাৰ দ্বাৰ উন্মোচ কৰে জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে। অসম ৰাজ্যিক নগৰীয়া জীৱিকা মিছনৰ মণ্ডপৰ দ্বাৰ উন্মোচন কৰে ধেমাজি জিলা কৃষি বিষয়া নৰনাথ পেগুৱে আৰু অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা মিছনৰ মণ্ডপৰ দ্বাৰ উন্মোচন কৰে ধেমাজি মীন কৃষি বিষয়া লক্ষীনাথ লাগাচুৱে ৷

এই মেলাৰ মূল লক্ষ্য হৈছে, জিলাখনৰ বাবে আৱশ্যকীয় সকলো শস্য বা সামগ্ৰী জিলাখনতে উৎপাদন কৰিব পৰাৰ এটা অনুকুল পৰিবেশৰ সৃষ্টি কৰা। তাৰবাবে বিভিন্ন বিষয়ৰ কৰ্মশালাৰো আয়োজন কৰা হৈছে বুলি জিলা আয়ুক্তই জানিবলৈ দিয়ে।

আত্মনিৰ্ভৰ ধেমাজি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজিত প্ৰদৰ্শনী আৰু খাদ্য মেলাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ইপিনে আত্মনিৰ্ভৰ ধেমাজিৰ আজিৰ বিভিন্ন অনুষ্ঠানত বিপুল সংখ্যক জনগনে অংশগ্ৰহণ কৰে ৷

সন্ধিয়ালৈ অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়াত স্হানীয় শিল্পীসকলৰ দ্বাৰা গীতমাত পৰিৱেশন হয় ৷

Also Read: কলিয়াবৰ মহকুমা প্ৰশাসনৰ ১৪৪ ধাৰা জাৰি: উৰুকাত কাজিৰঙাত মৎস্য চিকাৰ নিষিদ্ধ...

আত্মনিৰ্ভৰ ধেমাজি