আটাছুৰ দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট

আটাছুৰ দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট

author-image
Asomiya Pratidin
New Update
আটাছুৰ দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট

ডিজিটেল সংবাদ, ধেমাজিঃ টাই আহোমক শীঘ্ৰেই জনজাতিকৰণ কৰা আৰু কা’ আইন বাতিল কৰা দাবীত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰায় দুই শতাধিক কৰ্মীয়ে মঙ্গলবাৰে পুৱা ১১ বজাৰ পৰা বিয়লি ১ বজাৰলৈ ধেমাজি জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে ৷

Advertisment

অৱস্থান ধৰ্মঘট স্থলীত প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হায় হায় আদি ভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে ৷ সদৌ টাই আহোম ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি মনোজ গগৈ, আটাছুৰ উপদেষ্টা দুলাল বৰুৱাই অৱস্থান ধৰ্মঘট কাৰ্য্যসুচীত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰখনে খিলঞ্জীয়া ৰাইজৰ ভূমি অধিকাৰ খৰ্ব কৰিব খুজিছে বুলি উল্লেখ কৰে ৷ আহোম জনগোষ্ঠীটো জনজাতিকৰণ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়া অভিযোগ কৰি লোকসভা নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ ৰাইজে দিব বুলি সকিয়াই দিয়ে ৷

Also Read: ৰাজ্যত অনুভূত ভূমিকম্পৰ জোকাৰণি

dhemaji All Tai Ahom Students' Union atasu