/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-08/7fqga1ay/178.jpg)
ডিজিটেল সংবাদ, হাজো : আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চুটি ছবি মহোৎসৱত উজলি উঠিবলৈ সক্ষম হৈছে অসমৰ এগৰাকী শিশু শিল্পী। তেঁওৰ নাম হৈছে পাৰ্ণীকা চৌধুৰী।
মহাৰাষ্ট্ৰৰ ঔৰাংগাবাদত অনুষ্ঠিত ‘ROSHNI INTERNATIONAL FILM FESTIVEL’ত শ্ৰেষ্ঠ শিশু অভিনেত্ৰীৰ সন্মান লাভ কৰে পাৰ্ণীকাই। ‘পিঞ্জৰা’ নামৰ চুটি ছবিখনিত কৰা অভিনয়ৰ বাবে তেঁও এই সন্মান লাভ কৰে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে পৰাগ চৌধুৰী আৰু পাপৰি চৌধুৰীৰ একমাত্ৰ কন্যা পাৰ্ণিকা চৌধুৰী। মহাৰাষ্ট্ৰৰ ঔৰংগবাদত অনুষ্ঠিত উক্ত মহোৎসৱত বিশ্বৰ কেইবাখনো দেশৰ শিল্পীয়ে অংশগ্ৰহণ কৰিছিল।
এই সন্মান লাভ কৰাৰ পাছত পাৰ্ণীকাই জনাই যে অনাগত দিনত বাৰ্লিন আৰু ডেৰাডুনত হ’ব লগা আন্তৰ্জাতিক চুটি ছবি মহোৎসৱত অংশগ্ৰহণ কৰাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাই আছে তেঁও।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us