বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ পঞ্চদশ দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব...

সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ পঞ্চদশ দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ অন্তিমটো দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ...

author-image
Asomiya Pratidin
New Update
বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ পঞ্চদশ দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব...

ডিজিটেল সংবাদ, ধেমাজিঃ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ পঞ্চদশ দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন আৰু ধেমাজি জিলা সমিতিৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশনৰ অন্তিমটো দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৷ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনত বাঙালী সকলৰ অৰিহনাৰ এক ইতিহাস সমৃদ্ধ তথ্য দাঙি ধৰে ৷

Advertisment

ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে বাঙালী বুলি সুকীয়া পৰিচয় অথবা স্বীকৃতি নিবিচাৰি বাঙালী সম্প্ৰদায়ৰ সকলোকে অসমীয়া বঙালীৰূপে চিনাকী দিবলৈ আহ্বান জনায় ৷ ভাষাৰ কাৰণে পাৰ্থক্য বিচৰাতকৈ বাঙালীসকলে সম্বন্বয়ৰ মাজেৰে কাম কৰি গৌৰৱী অসমীয়া জাতিৰ অংশীদাৰ হ'বলৈও আহ্বান জনায় ৷

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে পৃথকে পৃথকে থাকিলে আমি দুৰ্বল হম বুলি মন্তব্য কৰি অসমীয়া জাতিৰ অভিন্ন অংগ হৈ সকলোকে পাৰ্থক্য নিবিচাৰি সহজভাৱে কাম কৰি যাবলৈ আহ্বান জনায় ৷ বাঙালী মানুহে নিজৰ মাতৃভাষাও জীয়াই ৰাখিব লাগিব, অসমীয়া ভাষাটোকো আদৰণি জনাব লাগিব, আৰু সেয়ে তেওঁলোকৰ দ্বায়িত্ব অধিক বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

বাঙালী এটা বৰ্ণীয় পৰিচয় নহয় বাঙালী এটা ভাষিক পৰিচয়হে হব লাগে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে বাঙালী সমাজৰ মাজত শিক্ষা, সংস্কৃতি আৰু প্ৰজ্ঞাৰ সাধনাৰে পুনৰ জীৱন্ত হৈ উঠিব লাগিব বুলি মন্তব্য কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে বাঙালীসকল অসমত কেতিয়াও শোষিত আৰু নিষ্পেষিত হৈ নাথাকে আৰু ৰাজ্যৰ উন্নয়ন আৰু বিকাশৰ বাবে তেওঁলোকে নিজকে সমৰ্পণ কৰিব লাগিব বুলি নিজৰ ভাষণত উল্লেখ কৰে ৷

ইফালে ধেমাজি চিলাপথাৰৰ ভৈৰৱপুৰত অনুষ্ঠিত এই অধিৱেশনত অংশগ্ৰহণৰ বাবে অহা মুখ্যমন্ত্ৰীগৰাকীক পথৰ কাষৰ পৰা ফুল চতিয়াই আদৰণি জনাই স্থানীয় লোকসকলে ৷ অন্তিম দিনৰ মুকলি সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, স্থানীয় বিধায়ক ভূৱন পেগু, শদিয়াৰ বিধায়ক বলীন চেতিয়া, হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ আৰু বিজনীৰ বিধায়ক অজয় ৰায় উপস্থিত থাকে ৷

Also Read: পুনৰ শোণিতপুৰ জিলাত চলিল উচ্ছেদ অভিযান...

bengali youth federation