গৃহ জিলাত জ্বলি উঠিল শিক্ষামন্ত্ৰীৰ পুত্তলিকা

শিক্ষামন্ত্ৰীৰ গৃহ জিলাৰ ঠায়ে ঠায়ে পুত্তলিকা দাহৰে আছুৰ প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
গৃহ জিলাত জ্বলি উঠিল শিক্ষামন্ত্ৰীৰ পুত্তলিকা

ডিজিটেল সংবাদ, চিলাপথাৰ: প্ৰথমে প্ৰশ্নকাকত ফাদিল আৰু তাৰ পিছত পৰীক্ষা বাতিল। বিজ্ঞানৰ পাছত অসমীয়া বিষয়ৰ পৰীক্ষা বাতিলৰ লগে লগে প্ৰতিবাদমুখৰ হৈ পৰিছে শিক্ষাৰ্থী তথা দল-সংগঠন। শিক্ষামন্ত্ৰীৰ গৃহ জিলাত জ্বলি উঠিল মন্ত্ৰী গৰাকীৰ পুত্তলিকা।

Advertisment

মেট্ৰিক পৰীক্ষাৰ অসমীয়া বিষয়ৰ পৰীক্ষা বাতিলকলৈ গৰজি উঠিছে আছু। ৰাজ্যৰ কেইবাটাও স্থানৰ লগতে ধেমাজিৰ বিভিন্ন অঞ্চলত আছু প্ৰতিবাদমুখৰ হৈ পৰিছে । শিক্ষামন্ত্ৰীৰ গৃহ জিলা ধেমাজিত ঠায়ে ঠায়ে পুত্তলিকা দাহেৰে আছুৰ তীব্ৰ প্ৰতিবাদ।

ধেমাজিৰ চিচিবৰগাওঁ, চিলাপথাৰ আৰু চিমেন চাপৰিৰ ৰাজপথত জ্বলিল শিক্ষামন্ত্ৰী ডাঃ পেগুৰ লগতে ছেবাৰ অধ্যক্ষ ৰমেশ জৈন, পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাৰ পুত্তলিকা। শতাধিক আছু কৰ্মীয়ে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু পদত্যাগ কৰক,আছু জিন্দাবাদ, ৰণোজ পেগু পুতলা, বিজেপি হায় হায় আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানৰে কঁপাই তোলে ধেমাজিৰ আকাশ বতাহ। শিক্ষামন্ত্ৰীয়ে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগ কৰাৰ লগতে দোষীক কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় আছুয়ে।

Also Read: Best Picnic Spots Near Guwahati: গুৱাহাটীৰ সমীপতেই আছে আপোনাৰ পছন্দৰ বনভোজস্থলী

ALL ASSAM STUDENT UNION