ধেমাজিত অসম সাহিত্য সভাৰ প্ৰথম ৰাজ্যিক হাস্যব্যংগ সাহিত্য সন্মিলন...

ধেমাজিত অসম সাহিত্য সভাৰ প্ৰথম ৰাজ্যিক হাস্যব্যংগ সাহিত্য সন্মিলন...

ডিজিটেল সংবাদ, ধেমাজিঃ ৰাজ্যত হাস্যব্যংগ সাহিত্যক প্ৰসাৰ, বিস্তাৰিত আৰু গণমুখী কৰাৰ লক্ষ্যৰে অসম সাহিত্য সভাৰ প্ৰথম ৰাজ্যিক হাস্যব্যংগৰ সাহিত্য সন্মিলন খনি শনিবাৰৰ পৰা দুদিনীয়াকৈ ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে৷ প্ৰথম দিনা পুৱা ৮-৪৫ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্রী ড° সূৰ্য্যকান্ত হাজৰিকাই ৷

ভাষণত তেওঁ কয় যে, ব্যংগ সাহিত্যই মানুহৰ আয়ুস বৃদ্ধি কৰাৰ লগতে সমাজত একাত্মবোধ গঢ়ি তুলি মানৱতাৰ জয়গান গায়৷ নৱপ্ৰজন্মই হাস্যব্যংগৰ বাবে ওলাই আহি নতুন সমাজ গঢ় দিবলৈ আহ্বান জনায়৷ ইয়াৰ পাছতেই পুৱা ৯-১৫ বজাত বন্তি প্রজ্জ্বলন কৰে ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি বিনোদ কুমাৰ গগৈয়ে ৷ স্মৃতি তর্পক মুকলি কৰে বিশিষ্ট লোকশিল্পী বিমলা গগৈয়ে ৷

পুৱা ১০-০০ বজাত শিশু সকলৰ হাস্য-ব্যঙ্গ সাহিত্য পাঠৰ অনুষ্ঠানৰ উদ্বোধন কৰে বিশিষ্ট হাস্য-ব্যঙ্গ সাহিত্যিক, বিমল ৰাজখোৱাই ৷ অনুষ্ঠানৰ তত্বাৱধান কৰে বাটঘৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় অধ্যক্ষ সুনীল কোঁচে ৷ সহযোগ কৰে কবিতা দেৱীয়ে ৷ পর্যবেক্ষক হিচাপে অসম সাহিত্য সভাৰ কুঁহি উপসমিতিৰ কাৰ্যকৰী সভাপতি ঊষা বৰগোহাঁই উপস্থিত থাকে।

ইফালে আজিৰ অনুষ্ঠানত অসম সাহিত্য সভাপতি পদ্মশ্রী ড° সূৰ্য্যকান্ত হাজৰিকা, অসম সাহিত্য সভাৰ জনগোষ্ঠীয় প্ৰকল্পৰ আহ্বায়ক ড° বিপিন চন্দ্ৰ কলিতা, অসম মাতৃভাষা আৰু ৰাজ্যভাষা উপসমিতিৰ আহ্বায়ক হেমন্ত কলিতা, অসম সাহিত্য সভাৰ মাহেকীয়া কাকত অসম সংবাদৰ সম্পাদক গৌতম গগৈ, অসম সাহিত্য সভাৰ ধনভঁৰালী মিহিৰ বৰুৱা, অসম সাহিত্য সভাৰ লোক পৰিবেশ্য কলা উপসমিতিৰ আহ্বায়ক ডা° কমল তালুকদাৰ উপস্থিত থাকে।

ইয়াৰোপৰি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য প্ৰশান্ত ভাগৱতী, লখিমপুৰৰ বিশিষ্ট কৌতুক অভিনেতা তথা সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়া সত্য নাথ ফুকন, গোৰেশ্বৰ শাখা সাহিত্য সভাৰ সভাপতি সোনাৰাম ৰাজবংশী, আদৰনী সমিতিৰ কাৰ্যকৰী সভাপতি নামেশ্বৰ কাৰ্দং, যুটীয়া সম্পাদক ৰনজিত চিৰিং আৰু মোহন চুতীয়া উপস্থিত থাকে ৷

অনুষ্ঠানৰ আতঁ ধৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিত শৰ্মাই ৷ বিয়লি ১বজাত মহিলাসকলৰ হাস্য-ব্যঙ্গ সাহিত্য পাঠৰ অনুষ্ঠানৰ উদ্বোধন কৰে ধেমাজি জিলা লেখিকা সমাৰোহ সমিতিৰ সভাপতি ড° কবিতা গগৈয়ে ৷ অনুষ্ঠানত দিব্য গগৈ আৰু বিনা গগৈয়ে তত্বাৱধায়ক হিচাপে উপস্থিত থাকে৷ আবেলি ৩বজাত স্থানীয় আৰু আমন্ত্রিত শিল্পীৰ দ্বাৰা হাস্য-ব্যঙ্গমূলক নাট পৰিৱেশন কৰা হয়।

অনুষ্ঠানৰ উদ্বোধন কৰে টেপুৰাম কোচে ৷ তত্বাৱধান কৰে উত্তম কুমাৰ গগৈ আৰু ঘনকৃষ্ণ বৰগোহাঁইয়ে। সন্ধিয়া ৬বজাত বন্তি প্রজ্জ্বলন কৰে আদৰণী সমিতিৰ যুটীয়া সম্পাদক মোহন চুতীয়াই ৷ দেওবাৰে পুৱা ১০-৩০ বজাত বিশিষ্ট হাস্য-ব্যঙ্গ লেখক, সাহিত্যিক আৰু নিমন্ত্রিত লোক শিল্পীৰ হাস্য-ব্যঙ্গ অনুষ্ঠানৰ উদ্বোধন কৰিব বিশিষ্ট সাহিত্যিক কৰৱী দেউৰীয়ে ৷ আঁত ধৰিব অসম সাহিত্য সভা কেন্দ্রীয় কার্যনির্বাহক সদস্য প্রশান্ত ভাগৱতীয়ে ৷ অনুষ্ঠানত ড° অচ্যুৎ গগৈও উপস্থিত থাকিব ৷

দুপৰীয়া ১২বজাত মুখ্য অতিথি, বিশিষ্ট অতিথি আৰু অসম সাহিত্য সভাৰ কেন্দ্রীয় নেতৃবর্গক মূল মণ্ডপলৈ আদৰণিৰ তত্বাৱধান কৰিব আদৰণী সমিতিৰ সম্পাদক ৰনজিত চিৰিঙে ৷ ১২-৩০বজাত মুকলি সভা, গ্রন্থ উন্মোচন আৰু আৰু সম্বর্ধনা অনুষ্ঠান। অসম সাহিত্য সভাৰ সভাপতি ড° সূর্য্যকান্ত হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত হব লগা মুকলি সভাৰ উদ্বোধন কৰিব ধেমাজি জিলাৰ আয়ুক্ত অংকুৰ ভঁৰালীয়ে ৷

আদৰণী ভাষণ প্রদান কৰিব আদৰনী সমিতিৰ সভাপতি বিনীতা চৌধুৰী গাৰোডিয়াই ৷ মুকলি সভাত অসম সাহিত্য সভাৰ উপসভাপতি গিৰীশ সন্দিকৈয়ে বিশিষ্ট অতিথি হিচাপে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসনৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা তথা-গবেষক সাহিত্যিক ড° অর্পনা কোঁৱৰে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব ৷ সভাত আমন্ত্রিত কৌতুক অভিনেত্রীদ্বয় কবিতা দুৱৰা বড়া, মিনু ৰাভাৰ কৌতুক প্ৰদৰ্শন কৰা হব ৷ সভাত স্মাৰক গ্রন্থ আৰু অন্যান্য গ্রন্থ উন্মোচন কৰিব ধেমাজি ৰত্ন তথা বিশিষ্ট সাহিত্যিক উমেশ চেতিয়াই ৷ সকলো হাস্যব্যংগ সাহিত্যিকৰ উপস্থিতি উদ্যোক্তা সমিতিয়ে কামনা কৰিছে ৷

ধেমাজিত অসম সাহিত্য সভাৰ প্ৰথম ৰাজ্যিক হাস্যব্যংগ সাহিত্য সন্মিলন...
কাছাৰত বুলড'জাৰৰ খুণ্ডাত থিতাতে নিহত এটি ৫বছৰীয়া শিশু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in