ধেমাজিত সদৌ অসম কোঁৱৰ বংশাৱলী অধিৱেশনৰ লাইখুঁটা স্থাপন

২২ মাৰ্চ পৰা তিনি দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া সদৌ অসম কোঁৱৰ বংশাৱলীৰ একাদশ সংখ্যক ধেমাজি অধিৱেশনৰ শুকুৰবাৰে পুৱা ১১ বজাত আনুষ্ঠানিক ভাৱে টাই আহোমৰ মাংগলিক পৰম্পৰা ৰীতি-নীতিয়ে লাইখুঁটা স্থাপন কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।

author-image
Asomiya Pratidin
New Update
ধেমাজিত সদৌ অসম কোঁৱৰ বংশাৱলী অধিৱেশনৰ লাইখুঁটা স্থাপন

ডিজিটেল সংবাদ , ধেমাজিঃ ২২ মাৰ্চ পৰা তিনি দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া সদৌ অসম কোঁৱৰ বংশাৱলীৰ একাদশ সংখ্যক ধেমাজি অধিৱেশনৰ শুকুৰবাৰে পুৱা ১১ বজাত আনুষ্ঠানিক ভাৱে টাই আহোমৰ মাংগলিক পৰম্পৰা ৰীতি-নীতিয়ে লাইখুঁটা স্থাপন কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। এই উপলক্ষে পুৱা ৮ বজাৰপৰা পয়-ফুৰা লুঙৰ পৰম্পৰাগত ৰীতি-নীতিৰে ধেমাজি নগৰৰ তেলিজানস্থিত চ্যাও ফা ছ্যু হুং ম্যুং ক্ষেত্ৰত উখল-মাখল পৰিৱেশ হৈ পৰে ৷

Advertisment

উল্লেখ্য যে বিগত অধিৱেশনৰ থলি চৰাইদেউৰ লাংকুৰীৰ পৰা পৱিত্ৰ ভূমি কঢ়িয়াই আনি সদৌ অসম কোঁৱৰ বংশাৱলীৰ একাদশ সংখ্যক ধেমাজি অধিৱেশনৰ লাইখুঁটাত অৰ্পণ কৰা হয় ৷ লাইখুঁটা স্থাপনৰ পাছতে উদযাপন সমিতিৰ সভাপতি তোলন কোঁৱৰৰ পৌৰহিত্যত এখনি সভা অনুষ্ঠিত হয় ৷ উদযাপন সমিতিৰ সম্পাদক সঞ্জীৱ কোঁৱৰে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত সদৌ অসম কোঁৱৰ বংশাৱলীৰ সভাপতি প্ৰদীপ কোঁৱৰ, উপ-সভাপতি দিলীপ কোঁৱৰ , সম্পাদকত্বয় ক্ৰমে দেৱপ্ৰসাদ কোঁৱৰ ,বিনোদ কো্ঁৱৰ আৰু পাৰ্থ কোঁৱৰ , সহঃ সম্পাদক জ্যোতিষ কোঁৱৰ ,প্ৰচাৰ সম্পাদক পৰাগ কো্ঁৱৰ ,কোষাধ্যক্ষ বিশ্বজিৎ কোঁৱৰ , কাৰ্য্যবাহী সম্পাদক কুশল কোঁৱৰ, সম্পাদক মনোৰঞ্জন কোঁৱৰ, উদযাপন সমিতিৰ কাৰ্যবাহী সম্পাদক , মনোজ কোঁৱৰকে মুখ্য কৰি শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, লাংকুৰি, গোলাঘাট, ঢকুৱাখনা, লখিমপুৰ আৰু ধেমাজি আদি বিভিন্ন ঠাইৰ পাঁচশতাধিক কোঁৱৰ বংশধৰৰ উপস্থিতিত অনুষ্ঠিত সভাখনত আগন্তুক অধিৱেশনখন সৰ্বাংগসুন্দৰভাৱে হোৱাৰ কামনা কৰে ৷

ধেমাজি তেলিজান বাছ আস্থানত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া একাদশ সংখ্যক ধেমাজিৰ অধিৱেশনলৈ ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা দহ সহস্ৰাধিক কোঁৱৰ বংশধৰ লোক উপস্থিত থকাৰ পৰিকল্পনাৰে কামকাজ আগবঢ়াই নিছে বুলি সভাপতি তোলন কোঁৱৰে জানিবলৈ দিয়ে ৷

উল্লেখ্য যে ১৯১১ চনত কোঁৱৰ বংশাৱলী আৰম্ভ হৈছিল আৰু কোঁৱৰ বংশধৰসকলক একত্ৰিত কৰি শিপাৰ অনুসন্ধান কৰা আৰু আত্মীয়তা বান্ধোনেৰে সম্পৰ্কৰ জৰীডাল মজবুত কৰি ৰখাৰ মূল উদ্দেশ্যে বংশাৱলী অনুষ্ঠিত হৈ আহিছে ৷ সভাৰ অন্তত সমবেত সকলো বংশধৰকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে উদযাপন সমিতিৰ অন্যতম সম্পাদক জীৱন কোঁৱৰে ৷

Also Read: এক্সেল পাব্লিক স্কুলৰ বিশ্ব জলাশয় দিৱস উদযাপন...

dhemaji