'চ্যুকাফাৰ দ্বিতীয় ৰাজধানী' খ্যাত হাবুঙত অসম দিৱস উদযাপন

'চ্যুকাফাৰ দ্বিতীয় ৰাজধানী' খ্যাত হাবুঙত অসম দিৱস উদযাপন

author-image
Asomiya Pratidin
New Update
'চ্যুকাফাৰ দ্বিতীয় ৰাজধানী' খ্যাত হাবুঙত অসম দিৱস উদযাপন

ডিজিটেল সংবাদ,ধেমাজি : সমগ্ৰ অসমৰ লগতে স্বৰ্গদেউ চ্যুকাফাৰ দ্বিতীয় ৰাজধানী হিচাপে খ্যাত ধেমাজি জিলাৰ হাবুঙত শনিবাৰে উদযাপন কৰা হৈছে "অসম দিৱস " ৷ পুৱাৰে পৰা আৰম্ভ কৰা হৈছে "অসম দিৱস"ৰ কাৰ্যসূচী৷ কাৰ্যসূচীৰ অনুযায়ী পুৱা ১০ বজাত পতাকা উত্তোলন কৰে হাবুং পৰিচালনা সমিতিৰ কাৰ্য্যকৰী সভাপতি তথা সাহিত্যিক পেঞ্চনাৰ উমেশ চেতিয়াই৷

Advertisment

ইয়াৰ পিছতেই স্বৰ্গদেউ চ্যুকাফাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বিশিষ্টা তাই পণ্ডিত ৰেৱতী বৰুৱাই আৰু বন্তি প্ৰজ্বলন কৰে হাবুং পৰিচালনা সমিতিৰ উপদেষ্টা ফুলেশ্বৰ বৰুৱাই।

দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা অসম দিৱসত আহোমৰ মাংগলিক ৰীতি-নীতিৰে মহেন্দ্ৰ গগৈ, হেম চাংমাই, ৰুক্ম গগৈ, অকণ গগৈ আৰু প্ৰশান্ত ফুকন আদি টাই আহোমৰ মুলুং সকলৰ দ্বাৰা 'হলুং হফি'ত পূঁজা অৰ্চনা কৰা হয় ৷

বিয়লি হাবুং পৰিচালনা সমিতিৰ সম্পাদক বাবুল বুঢ়াগোহাঁইয়ে পৰিচালনা কৰা মুকলি সভাত সাহিত্যিক পেঞ্চনাৰদ্বয় উমেশ চেতিয়া আৰু বিমল ৰাজখোৱা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গগণ ফুকন, বিকাশ বৰুৱা, সাংবাদিক বীৰেন কুমাৰ কোৱঁৰ আৰু ফুলেশ্বৰ বৰুৱা প্ৰমুখ্যে জিলাখনৰ বিশিষ্ট ব্যক্তি সকলৰ লগতে বিভিন্ন প্ৰান্তৰ ৰাইজে সমাগম হোৱা পৰিলক্ষিত হয়।

Also Read: সোণাৰিত আয়োজিত চুকাফা দিৱসত উপস্থিত জয়ন্ত বৰুৱা : যুৱ ছাত্ৰ পৰিষদে প্ৰদান কৰিব চুকাফা সমন্বয় সাংস্কৃতিক বঁটা

assam day