প্ৰসংগ-অসমীয়াক হত্যা: ধেমাজিত অৰুণাচল চৰকাৰৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ...

অসমীয়া লোকক হত্যা কৰা অৰুণাচলী দুৰ্বৃত্তক ধেমাজি আৰক্ষীক গতাই দিয়া, মৃতকৰ পৰিয়ালক ৫০ লাখ টকাকৈ সাহাৰ্যৰ দাবীত বুধবাৰে পথ অৱৰোধ...
প্ৰসংগ-অসমীয়াক হত্যা: ধেমাজিত অৰুণাচল চৰকাৰৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ...

ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলাৰ অসম-অৰুণাচল সীমান্তৰ বৰদলনি অঞ্চলৰ অন্তৰ্গত জয়ৰামপুৰ পানবাৰীত পৰিৱেশ দিৱসৰ দিনা গছ পুলি ৰুই থকা অৱস্থাত অসমীয়াৰ ওপৰত অৰুণাচলী বেদখলকাৰী দুৰ্বৃত্তই নিৰ্বিচাৰ গুলীবৰ্ষণ কৰি হত্যা কৰিছিল দুগৰাকীকৈ অসমীয়াক। এই নিৰ্মম হত্যাৰ তিনিদিন উকলি যোৱাৰ পিছতো অৰুণাচল প্ৰশাসনে দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰি ধেমাজি আৰক্ষীক গতাই নিদিয়াত ক্ষুব্ধ ধেমাজিবাসী।

অৰুণাচল চৰকাৰৰ এই কাৰ্য্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে উক্ত দুৰ্বৃত্তক ধেমাজিৰ আৰক্ষীক গতাই দিয়া আৰু নিহত বগা চুতীয়া আৰু মিণ্টু গগৈৰ নিকট আত্মীয়ক অৰুণাচল প্ৰদেশ চৰকাৰে ৫০ লাখকৈ টকাৰ এককালীন সাহাৰ্য প্ৰদান কৰাৰ লগতে আহত সকলৰ পৰিয়ালক ৫ লাখ টকাকৈ এককালীন সাহায্য শীৰ্ঘে প্ৰদান কৰাৰ দাবী কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে।

এই দাবীৰে বুধবাৰে ধেমাজি জিলা সমিতিৰ উদ্যোগত বৰদলনি আঞ্চলিক সমিতিৰ সহযোগত বৰদলনি চাৰিআলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত দিনৰ ১১ বজাৰ পৰা ১২ বজালৈকে অৰুণাচল চৰকাৰৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৷ বুধবাৰে অৱৰোধ স্থলীত উপস্থিত থাকি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি দেৱজিত দাসে কয় যে, "অসমৰ মাটি বেদখল কৰিবলৈ অহা অৰুণাচলী দুৰ্বৃত্তৰ ধাৰাষাৰ নৃশংস গুলীবৰ্ষণত বগা চুতীয়া আৰু মিণ্টু গগৈ নামৰ দুজনকৈ অসমীয়া লোকৰ মৃত্যু হয়। তদুপৰি অৰুণাচলীৰ গুলিবৰ্ষণত পুষ্প গগৈ আৰু অকণি বৰগোঁহাই গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈ সংকটজনক অৱস্থাত আছে ৷ ইমানৰ পাছতো কাণসাৰ নাই চৰকাৰৰ।"

লগতে তেওঁ কয়, "অৰুণাচলী মাটি বেদখলকাৰী দুৰ্বৃত্তৰ এই নাৰকীয় ঘটনাৰ পিছত সৰ্বত্ৰে ইয়াৰ প্ৰতিবাদ হৈছে আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল সংগঠন তথা অসমৰ ৰাইজে অৰুণাচলী দুৰ্বৃত্তক কৰায়ত্ত কৰি ধেমাজি আৰক্ষী প্ৰশাসনক গতাই দিবলৈ দাবী উত্থাপন কৰে ৷ কিন্তু তাৎপৰ্যপূৰ্ণ বিষয় এই যে, উক্ত ঘটনাৰ তিনিদিন উকলি যোৱাৰ পিছতো বৰ্তমানলৈকে অৰুণাচল প্ৰশাসনে বিষয়টোত গুৰুত্ব প্ৰদান নকৰাটো কেৱল দুৰ্ভাগ্যজনকেই নহয় অৰুণাচল প্ৰশাসনে অসমৰ ৰাইজৰ দাবীক যে নস্যাৎ কৰিছে সেয়া প্ৰমাণ হৈছে।"

প্ৰতিবাদী সভাত উপস্থিত থাকি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক হিতেশ বাইলুঙে কয় যে, দুজনকৈ অসমীয়া লোকক অৰুণাচলী দুৰ্বৃত্তই হত্যা কৰাৰ পিছতো এতিয়ালৈকে অৰুণাচল চৰকাৰ বা প্ৰশাসনে এতিয়ালৈকে কোনো দায়িত্ব গ্ৰহণ কৰা নকৰাটোৱে অৰুণাচল চৰকাৰৰ প্ৰকৃত স্বৰূপ উলাই পৰিছে ৷

প্ৰসংগ-অসমীয়াক হত্যা: ধেমাজিত অৰুণাচল চৰকাৰৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ...
অৱশেষত জোনমণি ৰাভাৰ দুৰ্ঘটনা স্থলীত ফৰেনচিক বিশেষজ্ঞৰ দল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in