ধেমাজিত অসম মালা আচঁনিৰ ধনৰ কেলেংকাৰী ! দুৰ্নীতি নিবাৰক শাখাৰ দলৰ অভিযান

ধেমাজিত অসম মালা আচঁনিৰ ধনৰ কেলেংকাৰী ! দুৰ্নীতি নিবাৰক শাখাৰ দলৰ অভিযান

author-image
Asomiya Pratidin
New Update
ধেমাজিত অসম মালা আচঁনিৰ ধনৰ কেলেংকাৰী ! দুৰ্নীতি নিবাৰক শাখাৰ দলৰ অভিযান

ডিজিটেল সংবাদ,ধেমাজি : ধেমাজিত অসম মালা আঁচনিত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। এই আঁচনিৰ অধীনত ধেমাজি তেলিজানৰ পৰা ঢকুৱাখনালৈ ২৪৬ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা পথৰ ভূমি অধিগ্ৰহণৰ দুৰ্নীতিৰ কথা পোহৰলৈ আহিছে।

Advertisment

এই সন্দৰ্ভত তদন্ত কৰিবলৈ অঞ্চলটোত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ দল উপস্থিত হয় ৷ এইখনিতে উল্লেখ কৰা প্ৰয়োজন যে, ইতিপূৰ্বে ধেমাজি সদৰ আৰক্ষী থানাত পঞ্জীভূত হোৱা গোচৰ নং ১৪৯/২৩ ৰ ভিত্তিত 120B, 420 ,406, 409 ধাৰাৰ অধীনত ২ জনকৈ অভিযন্তাক জে'ল হাজোতলৈও প্ৰেৰণ কৰিছিল ৷

উক্ত আঁচনিত সংঘটিত দুৰ্নীতি সন্দৰ্ভত বৃহস্পতিবাৰে দুপৰীয়া ধেমাজিৰ লোকনিৰ্মাণ বিভাগৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ দলটি উপস্থিত হৈ কাৰ্যালয়ৰ বহু নথি পত্ৰ লৈ যায়। আনহাতে নিৰ্মীয়মান অসম মালা আঁচনিৰ পথৰ কেলেংকাৰী সংঘটিত মাছখোৱাত উপস্থিত হৈ ইতিমধ্যে ক্ষতিপূৰণ লোৱা হিতাধিকাৰীসকলক সোধা পোছা কৰে ৷

Also Read: 'ভূপেন বৰাই ভগৱানৰ ওচৰত টকাৰ বাবে প্ৰাৰ্থনা কৰে...'

Scheme Asom Mala scam