'ভূপেন বৰাই ভগৱানৰ ওচৰত টকাৰ বাবে প্ৰাৰ্থনা কৰে...'

'ভূপেন বৰাই ভগৱানৰ ওচৰত টকাৰ বাবে প্ৰাৰ্থনা কৰে...'

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ভগৱানৰ ওচৰত টকাৰ বাবে প্ৰাৰ্থনা কৰে। অনবৰতে দিনটো তেওঁ পইচাৰ কথাই চিন্তা কৰে।- ৰূপহীহাটত সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। ভূপেন বৰাই টিকট দিয়াৰ নামত চান্দা লোৱা সন্দৰ্ভত মন্ত্ৰীগৰাকীৰ পৰা প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে ভূপেন বৰা ডাঙৰীয়াই চান্দা ল’বই, কাৰণ তেওঁ দিনটো পইচা পইচা কৰি থাকে।

তেওঁ কয় যে ৰাতিপুৱা ঘৰৰ পৰা ওলোৱাৰ আগত আমি মন্দিৰত সোমাই প্ৰাৰ্থনা কৰো যে ভগৱান দিনটো যাতে ভালে ভালে পাৰ কৰা। কিন্তু মোৰতো এনে লাগে যে ভূপেন বৰাই মন্দিৰৰ ওচৰত গৈ কয় - ভগৱান মোক অলপ পইচা গোটাই দিয়া। দিনটোত কেইটামান পইচা আনি দিয়া। তেওঁ প্ৰাৰ্থনা কৰে ঘৰলৈ যাতে কেইটামান পইচা আনিব পাৰে। তেওঁ প্ৰাৰ্থনা কৰে টিকট বিক্ৰী কৰিয়েই হওক, পদ বিক্ৰী কৰিয়েই হওক, কিবাকৈ যাতে তেওঁ কেইটামান পইচা আনিব পাৰে। এই ক্ষেত্ৰত ভগৱানে যেন তেওঁক সহায় কৰে তাৰ বাবে তেওঁ প্ৰাৰ্থনা কৰে।

মন্ত্ৰীগৰাকীয়ে কয় যে আমি প্ৰাৰ্থনা কৰো, ঘৰখনৰ ভাল হওক। আমি প্ৰাৰ্থনা কৰো ৰাইজৰ ভাল হওক- সেই কামনাৰে। কিন্তু ভূপেন বৰাই প্ৰাৰ্থনা কৰে প্ৰভু মোক কেইটামান পইচা দিয়ক। কেনেকৈ মই টিকট বিকিব পাৰো, চান্দা তুলিব পাৰো, পদ বিকিব পাৰো, মোক সহায় কৰক। যিকোনো উপায়েৰে তেওঁক পইচা আনি দিয়ক বুলি ভগৱানক প্ৰাৰ্থনা কৰে। মোৰ অনুমান, ভূপেন বৰাই ভগৱানৰ ওচৰত সদায় এনেদৰে প্ৰাৰ্থনা কৰে বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই।

'ভূপেন বৰাই ভগৱানৰ ওচৰত টকাৰ বাবে প্ৰাৰ্থনা কৰে...'
জল জীৱন আঁচনিয়ে ঢুকি নোপোৱা এখন গাঁও

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in