শিল্পী মৌচম গগৈৰ মাতৃ লাৱন্য গগৈৰ বিয়োগ : কেইবাটাও অনুষ্ঠান বাতিল হোৱাৰ সম্ভাৱনা !

শিল্পী মৌচম গগৈৰ মাতৃ লাৱন্য গগৈৰ বিয়োগ : কেইবাটাও অনুষ্ঠান বাতিল হোৱাৰ সম্ভাৱনা !

author-image
Asomiya Pratidin
New Update
শিল্পী মৌচম গগৈৰ মাতৃ লাৱন্য গগৈৰ বিয়োগ : কেইবাটাও অনুষ্ঠান বাতিল হোৱাৰ সম্ভাৱনা !

ডিজিটেল সংবাদ, চিলাপথাৰঃ বৃহস্পতিবাৰে নিশা উচ্চ ৰক্তচাপ ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে শিল্পী মৌচম গগৈৰ মাতৃ লাৱন্য গগৈয়ে।

ঘটনাৰ প্ৰাপ্ত বিৱৰণী মতে চিলাপথাৰ জলকীয়াসুতি নিবাসী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ললিত গগৈৰ সহধৰ্মিনী তথা শিল্পী মৌচম গগৈৰ মাতৃ লাবণ্য গগৈ (৬২)সন্ধিয়া নিজা ঘৰতে অকস্মাত উচ্চ ৰক্তচাপ ৰোগত আক্ৰান্ত হয়।

মহিলাগৰাকীক ততাতিয়াকৈ ডিব্ৰুগড লৈ নিয়ে যদিও নিশা চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে। ইফালে শুকুৰবাৰে পুৱা সমাজৰ পৰম্পৰাগত ৰীতি-নীতিৰ মাজত চিলাপথাৰ জনকীয়াসুতিস্থিত বাসগৃহত শোকাকুল পৰিবেশৰ মাজত শেষকৃত্য সম্পন্ন কৰা হয়।

মৃত্যুৰ সময়ত সৰবৰাহী মহিলাগৰাকীয়ে স্বামী,চাৰি পুত্ৰ,এগৰাকী কন্যা আৰু বহু আত্মীয় লোকক ইহলোক এৰি থৈ গৈছে।

ইপিনে মাতৃৰ আকস্মিক বিয়োগত মৰ্মাহত শিল্পী মৌচম গগৈয়ে অসমৰ বিভিন্ন প্ৰান্তত পৰিৱেশন কৰিব লগা বিহুৰ অনুষ্ঠানসমূহ বাতিল হোৱাৰ সম্ভাৱনা থকা বুলি এক সূত্ৰত প্ৰকাশ। মৃত্যুৰ পিছত তিনি দিন অৰ্থাৎ তিলনিপৰ্যন্ত সংগীতানুষ্ঠান উপস্থিত থাকিব নোৱাৰিব বুলি সদৰি কৰি ইয়াৰ বাবে বিহু সমিতি সমূহৰ লগতে ৰাইজৰ ওচৰত শিল্পী গৰাকীয়ে ক্ষমা বিচাৰে।

Also Read: বোকাজানত উদ্ধাৰ মাৰণাস্ত্ৰসহ কেইবাজাই সজীৱ গুলী

Mausham Gogoi silapathar