আজিৰে পৰা আৰম্ভ হৈছে এৰাঢল জ্যোতিনগৰ আঞ্চলিক ৰঙালী বিহু সন্মিলন...

আজিৰে পৰা আৰম্ভ হৈছে এৰাঢল জ্যোতিনগৰ আঞ্চলিক ৰঙালী বিহু সন্মিলন...

author-image
Asomiya Pratidin
New Update
আজিৰে পৰা আৰম্ভ হৈছে এৰাঢল জ্যোতিনগৰ আঞ্চলিক ৰঙালী বিহু সন্মিলন...

আজিৰে পৰা আৰম্ভ হৈছে এৰাঢল জ্যোতিনগৰ আঞ্চলিক ৰঙালী বিহু সন্মিলন...

ডিজিটেল সংবাদ ধেমাজিঃ ১৩ মে' শনিবাৰৰ পৰা দুদিনীয়াকৈ অষ্টম বাৰ্ষিক এৰাঢল জ্যোতিনগৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনখনি আৰম্ভ হৈছে ৷ শনিবাৰে পুৱা ৮.০০ বজাত বিহু সমিতিৰ দ্বাৰা সামুহিক চাফাই অভিযানেৰে প্ৰথম দিনৰ কাৰ্য্যসূচী শুভাৰম্ভ কৰা হয়।

Advertisment

ইয়াৰ পিছতেই উদযাপন সমিতিৰ সভাপতি ড° বুদ্ধেশ্বৰ কোচক গায়ন -বায়নেৰে ঘৰৰ পৰা বিহু উদযাপন স্হলিলৈকে ৰাইজে আদৰি আনে ৷ পুৱা ৯.০০ বজাত উদযাপন সমিতিৰ সভাপতি ড° বুদ্ধেশ্বৰ কোচে অষ্টম বাৰ্ষিক এৰাঢল জ্যোতিনগৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ মূল পতাকা উত্তোলন কৰাৰ সমান্তৰালকৈ আন সাত খন পতাকাও উত্তোলন কৰা হয়।

পুৱা ৯.৩০ বজাত স্মৃতি তৰ্পন কাৰ্য্যসূচী সমাপন কৰে উদযাপন সমিতিৰ সম্পাদক বাবুল চমুৱাই ৷ ১০ .০০ বজাত অনুষ্ঠিত হয় কণী যুজঁ প্ৰতিযোগিতা। এই প্ৰতিযোগিতা পৰিচালনা কৰে জ্যোতিনগৰৰ বিশিষ্ট ব্যৱসায়ী ৰাজীৱ বৰগোহাঁইয়ে ৷

বিয়লি ৫.৩০ বজাত কোলাপথাৰ জেং বিহু দলৰ দ্বাৰা বিহু মঞ্চ উদ্বোধন কৰা হয় ৷ বিয়লি বিয়লি ৬.০০ বজাৰ পৰা অনুষ্ঠিত হয় মৌ-কুৱঁৰী প্ৰতিযোগিতা। এই প্ৰতিযোগিতা পৰিচালনা কৰে ৰাস্না বুঢ়াগোহাঁইয়ে।

সন্ধিয়া ৭ বজাত অনুষ্ঠিত হয় সৰু বিহুৱতী প্ৰতিযোগিতা। এই প্ৰতিযোগিতা উদ্বোধন কৰে ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক ববীন চুতীয়াই।

Also Read: প্লে' অফলৈ যাব কোন? আইপিএলক অধিক আকৰ্ষিত কৰি তুলিলে এল এছ জিয়ে...

ৰঙালী বিহু