
ডিজিটেল ডেস্কঃ জমি উঠিছে আই পি এল ২০২৩। প্ৰতিযোগিতাখনৰ লীগ পৰ্যায়ৰ মেচ প্ৰায় শেষ হোৱাৰ দিশে। এতিয়া যুঁজ চলিছে প্লে’ অফলৈ যোগ্যতা অৰ্জন কৰাৰ।
আজি এই প্লে’ অফলৈ যোগ্যতা অৰ্জনৰ যুঁজখনক অধিক আকৰ্ষিত কৰি তুলিলে এল এছ জিয়ে। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলা মেচখনত লক্ষ্ণৌ চুপাৰ জায়েণ্টছে ৭ উইকেটত বিজয় সাব্যস্ত কৰিলে।
মেচখনত প্ৰথমে বেটিং কৰি এছ আৰ এইছে এল এছ জিৰ সন্মুখত ১৮৩ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। দলটোৰ হৈ ২৯ টা বলত ৪৭ ৰাণ সংগ্ৰহ কৰে ক্লাছান আৰু ২৫ বলত ৩৭ ৰাণ কৰে আৰ ছামাদে।
ইয়াৰ পিছত নিৰ্ধাৰিত লক্ষ্য আগত লৈ খেলপথাৰত নামি এল এছ জিয়ে ৪ টা বল বাকী থকা অৱস্থাত ৭ উইকেটত বিজয় সাব্যস্ত কৰে। লক্ষ্ণৌৰ এই বিজয়ৰ লগে লগে প্লে’ অফৰ যুঁজখন অধিক আকৰ্ষিত হৈ পৰিল।
এই পৰ্যন্ত এল এছ জিয়ে মুঠ ১২ খন মেচ খেলিছে আৰু ১৩ পইণ্ট অৰ্জন কৰিছে। দলটোৱে ইয়াৰ জৰিয়তে পইণ্ট তালিকাৰ চতুৰ্থ স্থান অৰ্জন কৰিছে। ফলত ৰাজস্থান ৰয়েলছ পঞ্চম স্থানলৈ অৱনমিত হৈছে।
যাৰ বাবে এই যুঁজ অধিক কঠিন হৈ পৰিল ৰাজস্থান আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বাবে। কলকাতা নাইট ৰাইডাৰ্ছ এই যুঁজৰ পৰা বাহিৰ হৈছে। একেই দশা হায়দৰাবাদৰো।