/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/70d152b5-df2e-4d8c-9583-85d9eadceb48/anganbari.jpg)
ডিজিটেল সংবাদ ,ধেমাজি : বিভিন্ন সমস্যা সমাধানৰ দাবীৰে ধেমাজিত অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ প্ৰতিবাদ। অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকাসকলক প্ৰাপ্য এককালীন সাহায্য শীঘ্ৰেই আদায় দিয়া ,অঙ্গনবাড়ী কৰ্মী ,মিনি কৰ্মী আৰু সহায়িকাসকলক মাননিৰ সলনি মজুৰি প্ৰদানৰ ব্যৱস্থা কৰাৰ দাবীৰে শুকুৰবাৰে সন্থাই প্ৰতিবাদ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/dcc587cc-5958-42a2-add6-ee0f7510cc21/13df38e3_4bdd_428c_876f_7e7de559c7a8.jpg)
ওপৰোক্ত দাবীসমূহৰ উপৰিও প্ৰতিবাদকাৰীসকলে উল্লেখ কৰে যে, মজুৰি দিব নোৱাৰালৈকে মাহিলি মাননি অতি কমেও ১০ হেজাৰ টকা আদায় দিয়া,প্ৰতিটো অঙ্গনবাড়ী কেন্দ্ৰৰ ঘৰ উন্নত আন্তঃগাঁঠনি সম্পূৰ্ণকৈ নিৰ্মাণ কৰা ,নতুন আধাৰত প্ৰাক-প্ৰাথমিক শিক্ষা সংযোগ কৰিলে প্ৰতিগৰাকী কৰ্মী-সহায়িকা চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি দিয়াৰ ব্যৱস্থা কৰা আৰু মিনি কেন্দ্ৰসমূহ পুৰ্ণাঙ্গ কেন্দ্ৰলৈ ৰূপান্তৰ কৰি মিনি কৰ্মীক পূৰ্ণাঙ্গ কৰ্মীৰ মৰ্যদা দিয়া ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/59af517d-d2ee-40e0-9842-2cc761d80c08/7947a8d8_aa85_4348_bbbf_996aa2dced69.jpg)
শুকুবাৰে পুৱা প্ৰায় ১১.০০ বজাত জিলাখনৰ ৪ সহস্ৰাধিক মহিলাই নলনীপামৰ লিলি চিনেমা হ'লৰ সমীপৰ পৰা হাতে হাতে বেনাৰ,পোষ্টাৰ,প্লে'ৰ্কাডলৈ সমদলেৰে ধেমাজি নগৰত প্ৰতিবাদ কৰি আহি পুনৰ ধেমাজি উপায়ুক্ত কাৰ্যালয়ৰ সমুখতো বহু সময় ধৰি প্ৰতিবাদ সাব্যস্ত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/1fe33b3d-6cb1-449c-b7b1-d439627197d9/7ba20d4d_1407_481e_bf46_029a47479924.jpg)
আনহাতে সন্থাৰ ফালৰ পৰা ধেমাজি উপায়ুক্তৰ জৰিয়তে অসমৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰীলৈ অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ ধেমাজি জিলা সমিতিৰ সভানেত্ৰী মণিমালা গগৈ আৰু সম্পাদিকা জোনমনি শইকীয়া স্বাক্ষৰিত এখনি ৫ দফীয়া স্মাৰকপত্ৰ প্ৰদান কৰে ৷ কাৰ্যসূচীৰ অন্তত উক্ত ঠাইতে এখনি প্ৰতিবাদী সভা অনুষ্ঠিত হয় ৷ প্ৰতিবাদী সভাই অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দাবীসমূহ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই শীঘ্ৰে পূৰণ নকৰিলে আগন্তুক দিনত আৰু অধিক আন্দোলন তীব্ৰ কৰি তুলিব বুলি প্ৰতিবাদকাৰীসকলে হুংকাৰ দিয়ে ৷
Also Read: টাৱাঙত ৰঙা পাণ্ডাৰ নয়নাভিৰাম দৃশ্য